Assam HS results: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে চতুৰ্থ আৰু অষ্টম স্থান দখল কৰিলে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ শিক্ষাৰ্থীয়ে - সুৰীয়া জৈনে ৪৬৭ নম্বৰেৰে চতুৰ্থ স্থান
🎬 Watch Now: Feature Video
ডিব্ৰুগড়,6 জুন: সোমবাৰে ঘোষিত হোৱা অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে চতুৰ্থ আৰু অষ্টম স্থান দখল কৰিলে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ শিক্ষাৰ্থীয়ে ৷ দুই মেধাবী শিক্ষাৰ্থীয়ে বিদ্যালয়খনৰ লগতে জিলাখনলৈ সু-মান কঢ়িয়াই আনিছে ৷
ৰাজ্যখনৰ ভিতৰতে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ বাণিজ্য শাখাৰ পৰা সুৰীয়া জৈনে ৪৬৭ নম্বৰেৰে চতুৰ্থ স্থান (Surya Jain get 4th rank) আৰু ৰিচিতা শৰ্মাই ৪৬২ নম্বৰেৰে অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে (Rishita Sarmah get 8th rank) । দুই শিক্ষাৰ্থীৰ সফলতাত আবতৰীয়া বিহুৰ পৰিলক্ষিত হৈছে বিদ্যলয়খনৰ চৌহদত ৷ বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আন্দত দেখিবলৈ পোৱা গৈছে আনন্দৰ জোৱাৰ ৷
‘‘আমি বিচৰাৰ ধৰণে ফলাফল পাইছো ৷ ফলাফলক লৈ মই সুখী ৷ বাণিজ্য শাখাৰ লগতে কলা শাখাটো আশা কৰিছিলো ৷ কিন্তু ক’ভিডৰ পাচত এনে ধৰণৰ ফলাফল সহজ নাছিল আমাৰ বাবে ৷ আগন্তুক দিনত আৰু ভাল ফলাফল যাতে পাব পাৰো তাৰ বাবে চেষ্টা কৰিম ৷’’ এই মন্তব্য শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষৰ ৷
লগতে পঢ়ক:HS result commerce: বাণিজ্য শাখাত শীৰ্ষ 10 স্থানত 14 গৰাকী পৰীক্ষাৰ্থী