Sensational Revelation over ULFA leaders excecution : লাচিত-বৰ্ণালীৰ মৃত্যু সম্পৰ্কে বিস্ফোৰক ভাষ্য আত্মসমৰ্পণকাৰী আলফা সদস্যৰ - সংযুক্ত মুক্তি বাহিনী অসম
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-10-2023/640-480-19668672-thumbnail-16x9-tinsukia.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 3, 2023, 1:03 PM IST
|Updated : Oct 3, 2023, 1:58 PM IST
নিউজ ডেস্ক, ৩ অক্টোবৰ: আলফা স্বাধীনৰ ম্যানমাৰ শিবিৰত এজন শীৰ্ষ নেতাৰ লগতে এগৰাকী মহিলা কেডাৰক মৃত্যুদণ্ড দিয়াৰ খবৰে ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । যোৱা ২০ ছেপ্টেম্বৰত সংঘটিত হয় এই ঘটনা । আলফা (স্বাঃ) সদস্য দুগৰাকীৰ মৃত্যুদণ্ডৰ খবৰ লাভ কৰা লগে লগে শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে তেওঁলোকৰ বাসগৃহত ৷
কিন্তু আলফা (স্বাঃ) সদস্য দুগৰাকীৰ মৃত্যুদণ্ড প্ৰসংগত এতিয়ালৈ কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই সংগঠনটোৰ তৰফৰ পৰা ৷ এতিয়া প্ৰশ্ন হয়, কেনেদৰে পোহৰলৈ আহিল আলফা (স্বাঃ) সদস্য দুগৰাকীৰ মৃত্যুদণ্ডৰ কথা ৷
আচলতে এইকথা পোহৰলৈ আহে সোমবাৰে নিশা ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টিৰাপত সোমবাৰে সংযুক্ত মুক্তি বাহিনী অসমৰ (স্বাধীন) দুই সদস্যই আত্মসমৰ্পণ কৰে ৷ ম্যানমাৰস্থিত শিবিৰৰ পৰা পলায়ন কৰি অৰুণাচল প্ৰদেশৰ টিৰাপস্থিত ৬ নং আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰে আলফাৰ (স্বাঃ) সদস্যদ্বয়ে ৷
আত্মসমৰ্পণকাৰী দুই আলফা (স্বাঃ) সদস্যৰ মনজিৎ গগৈ ওৰফে নিলোৎপল অসমক জেৰা কৰাত পোহৰলৈ আহে এই সমগ্ৰ ঘটনা ৷ শুনকচোন কৰি ক’লে আত্মসমৰ্পণকাৰী আলফাৰ (স্বা) সদস্য মনজিৎ গগৈ ওৰফে নিলোৎপল অসমে...