thumbnail

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 4:56 PM IST

ETV Bharat / Videos

Health Camp: বিনামূলীয়াকৈ কৰক ফটা ওঁঠ আৰু তালুৰ অস্ত্ৰোপচাৰ

তেজপুৰ, ৩ নৱেম্বৰ : আপোনাৰ ঘৰতো ফটা ওঁঠ আৰু তালু ৰোগৰ ৰোগী আছে নেকি? তেনেহ‘লে আপোনাৰ বাবে সুখবৰ ৷ তেজপুৰত দ্বিতীয়বাৰৰ বাবে অহা ৫ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে Baptist Christian Hospital ত আয়োজিত কৰা হ'ব বিনামূলীয়া ক্লেফ্ট লিপ আৰু পেলেটৰ অৰ্থাৎ ফটা ওঁঠ আৰু তালুৰ অস্ত্ৰোপচাৰ স্বাস্থ্য শিৱিৰ ৷ এই সন্দৰ্ভত শুকুৰবাৰে Baptist Christian Hospitalৰ সঞ্চালক ডাঃ আচলিক ছেছে এক সংবাদমেল আয়োজন কৰি কয় যে, ৫ নৱেম্বৰত চিকিৎসালয়খনত দিনজোৰা কাৰ্যসূচীৰে ৰোগীসকলৰ নাম পঞ্জীয়ন কৰা হ’ব ৷

বৰ্তমান দেশজুৰি এই ৰোগৰ চিকিৎসাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে । ২০২১ চনত প্ৰথমবাৰৰ বাবে এই ৰোগৰ চিকিৎসাৰ বাবে তেজপুৰৰ Baptist Christian Hospital ত হাস্পতালৰ Love Without Reason Foundation টোৰ জৰিয়তে মুঠ ৪৫ গৰাকী লোকক অস্ত্ৰোপচাৰ কৰি আৰোগ্য কৰে । এইবাৰ সংস্থাটোৱে Baptist Christian Hospital ৰ সহায়ত ৮০ ৰ পৰা ১০০ জন ৰোগীৰ চিকিৎসা আৰু অস্ত্ৰোপচাৰ কৰাৰ পৰিকল্পনা হাতত লৈছে । 

Baptist Christian Hospital ৰ সহযোগত Love Without Reason Foundation ৰ মুখ্য সঞ্চালক সন্তোষ মেথিও আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ একমাত্ৰ পুত্ৰ এই ৰোগত মৃত্যু হোৱাৰ পিচত ২০১২ চনত দেশৰ আগশাৰীৰ কেইগৰাকীমান চিকিৎসকক লৈ এই বিনামূলীয়া স্বাস্থ্য সেৱাৰ আৰম্ভ কৰে । অনুষ্ঠানত চিকিৎসালয়ৰ সঞ্চালক ডাঃ আচলিক ছেছ , সংস্থাটোৰ সঞ্চালক সন্তোষ মেথিও আৰু সংস্থাটোৰ মুখ্য বিজয় ৰামামূৰ্তি উপস্থিত থাকে ।

লগতে পঢ়ক: Raghav Boycott Trend : জনতা জনাৰ্দনক মূৰ্খ আখ্যা ৰাগ ঐনিতমৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.