Supplying banannas to wild elephant: বনৰীয়া হাতীক খাদ্য যোগান ধৰিলে যুৱকে

By

Published : Jan 3, 2023, 3:01 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
গোলাঘাট জিলাৰ গোবিন্দপুৰ চাহ বাগিচাৰ ভৃগুনাথ লোহাৰ নামৰ এজন যুৱকে গাঁৱৰ একাংশ যুৱকৰ সৈতে মিলি নিজৰ জন্মদিনৰ দিনা গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ । লেটেকুজান চাহ বাগিচাত আশ্ৰয় গ্ৰহণ কৰা এজাক হাতীক ভৃগুনাথ লোহাৰে যোগান ধৰিছে খাদ্য । কলগছৰ লগতে কল সংগ্ৰহ কৰি কান্ধত কঢ়িয়াই হাতীক যোগান ধৰিছে যুৱকৰ দলটোৱে (Supplying bananas to the elephants along with palm trees in Golaghat)। ভোকাতুৰ হাতীয়েও আপোন মনে গ্ৰহণ কৰিছে খাদ্য । খাদ্যৰ সংকটত পৰি জনাঞ্চলত যেনিতেনি বিচৰণ কৰিবলৈ লৈছে বনৰীয়া হাতীয়ে । যাৰ ফলত গোলাঘাটৰ নামবৰ দৈগ্ৰোং বনাঞ্চলৰ কাষৰীয়া অঞ্চলত নিতৌ সংঘাতৰ সৃষ্টি হৈছে । এনে সংঘাত হ্ৰাস কৰাৰ বাবেই বৰ্তমান গোবিন্দপুৰ চাহ বাগিচাৰ যুৱক ভৃগুনাথ লোহাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে (Man elephant conflict) ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.