Sunny Leone in Guwahati: গুৱাহাটীত ছানী লিয়নী; ঢোলে-দগৰে আদৰণি - Bollywood actress Sunny Leone
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-07-2023/640-480-18891401-thumbnail-16x9-air-aspera.jpg)
গুৱাহাটী,১ জুলাই: শনিবাৰে গুৱাহাটীত আহি উপস্থিত হৈছে বলিউড অভিনেত্ৰী ছানী লিয়নী ৷ সন্ধিয়া বিমানযোগে বলিউড অভিনেত্ৰীগৰাকী আহি উপস্থিত হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত ৷ মোহময়ী তাৰকাগৰাকীক আদৰিবলৈ ঢোল-পেঁপাৰ মাতেৰে ৰজনজনাই গ’ল বৰঝাৰ ৷ অসমীয়াৰ প্ৰাণৰ স্পন্দন বিহুৰে অসমে আদৰণি জনালে ছানী লিয়নীক ৷
এই বাতৰি বিয়পাৰ লগে লগে ছানী লিয়নীক ওচৰৰ পৰা এবাৰ চাবলৈ বিমান বন্দৰত লোকে লোকাৰণ্য হৈ পৰে ৷ গুৱাহাটীত এক পেছাগত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে আহিছে পৰ্ণ উদ্যোগ ত্যাগ কৰি বলিউডত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকী ।
ইতিমধ্যে বিমান বন্দৰৰ পৰা ছানী লিয়নী উপস্থিত গুৱাহাটীত। সন্ধিয়া ৬ বজাত মহানগৰীৰ জি এছ ৰোডৰ এবিচিস্থিত এখন বাৰত উপস্থিত হয় । বাৰখনৰ শনিবৰীয়া বিশেষত অংশগ্ৰহণ কৰে ছানীয়ে । বাৰখনত আয়োজিত ডিজে অনুষ্ঠানত অংশগ্ৰহণ কৰে ছানী লিয়নীয়ে ৷ নিশাটো তাতে কটাই পুৱাই মুম্বাইলৈ উৰা মাৰিব বলীউদৰ অভিনেত্ৰীগৰাকী । বাৰখনৰ সমুখতো দেখা যায় উৎসুক জনতাৰ ভিৰ ৷
লগতে পঢ়ক: Mob lynching case: 100 টকা নিদিয়াৰ বাবেই এজন লোকক বাঁহেৰে মৰিয়াই হত্যা