Body recovered in Samaguri: চামগুৰিত আকস্মিক মৃত্যু এজন লোকৰ

By

Published : Nov 1, 2022, 7:50 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail
নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত বাজীয়াগাঁৱত অঘটন ৷ পথাৰত ঘাঁহ কাটিবলৈ গৈ আকস্মিক মৃত্যু এজন লোকৰ (Sudden death of man) ৷ লোকজনৰ নাম বিল্লাল উদ্দিন ৷ ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে পুৱা 9 বজাত পথাৰত ঘাঁহ কাটিবলৈ বুলি ঘৰৰ পৰা গৈছিল লোকজন ৷ কিন্তু তাৰ পিছত বহু সময় ঘৰ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালবৰ্গ ৷ পৰিয়ালবৰ্গই বিচাৰ খোচাৰ কৰাত ঘাঁহ কাটিবলৈ লৈ যোৱা মোনা আৰু চাইকেল পথাৰৰ পৰা উদ্ধাৰ কৰে যদিও লোকজনৰ কোনো সন্ধান নাপালে ৷ পিছত সোমবাৰে স্থানীয় লোকে বিলালৰ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালবৰ্গৰ লগতে খবৰ দিয়ে আৰক্ষীক ৷ চামগুৰি আৰক্ষীয়ে বিল্লালৰ মৃতদেহটো উদ্ধাৰ কৰি চামগুৰি অসামৰিক চিকিৎসালয়লৈ লৈ যায় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে পৰৱৰ্ত্তী সময়ত নগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.