Cricket World Cup 2023: বলুকা শিল্পৰে বিৰাট কোহলীক জন্মদিনৰ শুভেচ্ছা সুদৰ্শন পাটনাইকৰ - Virat Kohli Birthday
🎬 Watch Now: Feature Video
Published : Nov 5, 2023, 6:21 PM IST
স্পৰ্টছ ডেস্ক, 5 নৱেম্বৰ : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ মেচখন বাৰ্থ ডে’ বয় বিৰাট কোহলীৰ বাবে বিশেষ ৷ কিয়নো এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰৰ অভিলেখ স্পৰ্শ কৰিছে তাৰকা খেলুৱৈজনে ৷ খেলপথাৰত কৰা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে ভাৰতীয় তাৰকা বেটছমেনগৰাকীয়ে বিপুল অনুৰাগীৰ সংখ্যা অৰ্জন কৰিছে ৷ অনুৰাগীয়ে তাৰকা খেলুৱৈগৰাকীক তেওঁৰ বিশেষ দিনটোত বিভিন্ন ধৰণে শুভেচ্ছা জনাইছে আৰু বিখ্যাত বলুকা শিল্পী পদ্মশ্ৰী সুদৰ্শন পাটনায়কে বেটছমেনক শুভেচ্ছা জনাবলৈ নিজৰ কলা বাছি লৈছিল ৷ ইয়াৰ নীলাদ্ৰী বিচ্চত তেওঁৰ প্ৰতিৰূপ সৃষ্টি কৰি বলুকা শিল্পৰ জৰিয়তে বিৰাট কোহলীক শুভেচ্ছা জনায় ৷ কোহলীৰ প্ৰতিৰূপক আগুৰি ধৰিছে এখন ষ্টেডিয়াম আৰু ক্ৰিকেট বেটে ৷
চলিত বিশ্বকাপত দুৰ্দান্ত ফৰ্মত আছে আৰু গড়ে 99 ৰাণ কৰি মুঠ 495 ৰাণ সংগ্ৰহ কৰিছে কোহলীয়ে ৷ এদিনীয়া ক্ৰিকেটত শতকৰ সংখ্যাৰ ক্ষেত্ৰতো শচীন তেণ্ডুলকাৰক স্পৰ্শ কৰাৰ দিশে আগবাঢ়ি তেওঁ 49 সংখ্যক এদিনীয়া শতকৰ লক্ষ্যত উপনীত হৈছে ৷
ইফালে ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বিৰাট কোহলীৰ জন্মদিনত প্ৰশংসা কৰাৰ বিপৰীতে অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু ভাৰতৰ অ’পেনাৰ শুভমন গিলেও শুভেচ্ছা জ্ঞাপন কৰে ৷
মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে কয়, "বিৰাট খেলৰ এক কিংবদন্তি, বিশেষকৈ এই ফৰ্মেটত ৷ মই ভাবো খেলৰ সকলো ফৰ্মেট, কিন্তু বিশেষকৈ 50 অভাৰত তেওঁৰ প্ৰদৰ্শন আৰু তেওঁ খেল শেষ কৰাৰ ধৰণ ৷ বছৰ বছৰ ধৰি তেওঁৰ প্ৰদৰ্শনে হয়তো তেওঁৰ প্ৰজন্মৰ ক্ৰিকেটাৰৰ বাবে এক মাপকাঠী নিৰ্ধাৰণ কৰিছে ৷" শুভন গিলে কয় যে "তেওঁৰ খেলৰ প্ৰতি থকা ভোক আৰু আবেগ অতুলনীয় ৷ বিৰাট কোহলীৰ দৰে ভোকাতুৰ কোনো লোকক মই দেখা নাই ৷"
ৰবিচন্দ্ৰন অশ্বিনে কয়, "তেওঁ ভাৰতীয় ক্ৰিকেটৰ চাৰিওফালে চিন্তাকৰাৰ ডিএনএ সলনি কৰিছে ৷ এজন বেটছমেনে খেলখনৰ বাবে কেনেদৰে উপলব্ধি আৰু প্ৰস্তুতি কৰিব লাগিব ৷"
লগতে পঢ়ক : Shreyas Iyer Father Exclusive: পিতৃয়ে বৰ্ণনা কৰিলে শ্ৰেয়াছৰ উত্থানৰ কাহিনী