দুৰ্নীতি নিবাৰক শাখাৰ জালত বিশ্বনাথৰ ঘোচখোৰ বিষয়া
🎬 Watch Now: Feature Video
বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান (Vigilance and Anti Corruption Assam)। উপায়ুক্তৰ কাৰ্যালয়ত থকা উপ-পঞ্জীয়ক আৰু বিবাহ বিষয়াৰ কাৰ্যালয়ত এই অভিযান । কাৰ্যালয়ৰ কৰ্মচাৰী তপন সাহাই মঞ্জু কলিতা আৰু প্ৰকাশ শইকীয়াৰ মাটি পঞ্জীয়ন কৰাৰ নামত ভৰত কলিতা নামৰ এজন লোকৰ পৰা ৭ হাজাৰ টকা উপঢৌকন বিচাৰিছিল । ভৰত কলিতাৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে তপন সাহাক (Biswantah DC office sub Registrar) ।
Last Updated : Feb 3, 2023, 8:27 PM IST