HSLC 2023 Controversy: বিতৰ্কৰ মাজতে ছেবাৰ বিৰুদ্ধে আন এক অভিযোগ - SEBA in Controversy

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 15, 2023, 9:57 PM IST

বঙাইগাঁও,১৫ মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত বাতিলৰ ঘটনাকলৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া(HSLC 2023 Controversy) । ইয়াৰ মাজতে এজনে কৰিলে আজৱ কাণ্ড । এইবাৰ পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য । বয়স কমাবলৈ ছেবাৰ পৰা নতুনকৈ পঞ্জীয়ন কৰি আকৌ পৰীক্ষাত বহিল এজন ছাত্ৰ(Student reduces age in HSLC 2023 ) । কোকিলা উত্তৰ পাৰাৰ ৰকিবুল ইছলাম নামৰ ছাত্ৰজনে ২০১৩ চনত মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হৈ ডি ফাৰ্ম পাছ কৰি আহি এইবাৰ পুনৰ জালিয়াতিৰে বয়স কমাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে(SEBA in Controversy) । 

জানিব পৰা লাইফ ষ্টাৰ নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ প্ৰধান শিক্ষক জামাল উদ্দিনে এই ক্ষেত্ৰত ছাত্ৰজনক সহায় কৰে ৷ ৰকিবুলে ৰূপজ্যোতি হাইস্কুল বাংলাপাৰাৰ পৰা পঞ্জীয়ন কৰি গোলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হয় (SEBA HSLC Paper Leak Issue) । সমাজ বিজ্ঞানৰ পৰীক্ষাৰ দিনা বিষয়টোৰ ওপৰত পৰীক্ষা নিৰীক্ষকৰ চকু পৰে আৰু পৰীক্ষাৰ পৰা ৰকিবুলক বহিস্কাৰ কৰে । 

এতিয়া প্ৰশ্ন হয় কেনেকৈ বয়স কমাই নতুনকৈ পঞ্জীয়ন কৰিব পাৰে ? কাৰ হাত আছে এই ভয়ংকৰ জালিয়াতি ? ৰূপজ্যোতি হাইস্কুলৰ প্ৰধান শিক্ষক নুৰ মহম্মদে কেনেকৈ কৰিব পাৰিলে ছাত্ৰজনৰ পঞ্জীয়ন ? ধনৰ বিনিময়ত চলে নেকি এনে কাম ? ছেবাৰ বিষয়া সকল আছে নেকি ইয়াৰ লগত জড়িত ? বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব এই ক্ষেত্ৰত ? সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন । 

লগতে পঢ়ক: SEBA HSLC Paper Leak Issue: প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিলৰ বিৰোধিতাৰে যোৰহাটত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.