অধ্যক্ষৰ অপসাৰণক লৈ ৰাজপথত ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ কাৰ্যসূচী - ছাত্ৰ ছাত্ৰীৰ বিক্ষোভ কাৰ্যসূচী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-12-2023/640-480-20358245-thumbnail-16x9-fake2266.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 26, 2023, 1:27 PM IST
মৰাণ, 26 ডিচেম্বৰ : ইটোৰ পিচত সিটো বিতৰ্কত নামৰূপ সাৰ কাৰখানা ৷ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা কৰ্তৃপক্ষৰ এটাৰ পাচত আন এটা হঠকাৰী সিদ্ধান্তই সাৰ কাৰখানাটোক মৃত্যুমুখলৈ ঠেলি দিছে। এইবাৰ পুনৰ নামৰূপ সাৰ কাৰখানাৰ আন এক সিদ্ধান্তৰ বাবে প্ৰতিবাদত নামি পৰিছে ছাত্ৰ-ছাত্ৰী । নামৰূপ সাৰ কাৰাখানাটোৰ তত্বাৱধানত চলি থকা বি.ভি.এফ.চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী বৰ্জন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
কৰ্তৃপক্ষই উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষগৰাকীক আঁতৰাই তেওঁৰ পৰিৱৰ্তে নামৰূপ সাৰ কাৰখানাৰ এজন বিষয়াক অধ্যক্ষ আসনৰ দায়িত্ব প্ৰদান কৰাত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰি কয় যে, বৰ্তমানৰ অধ্যক্ষগৰাকী অস্থায়ী যদিও প্ৰায় দুটা দশকৰো অধিক কাল বিদ্যালয়খনত শিক্ষকতা কৰি আছে কিন্তু এই অধ্যক্ষগৰাকীক আঁতৰাই সাৰ কৰ্তৃপক্ষই বৰ্তমান শিক্ষকতাৰ অৰ্হতা নথকা এজন বিষয়াক অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে ৷ নামৰূপ সাৰ কাৰখানা কৰ্তৃপক্ষৰ এই সিদ্ধান্ত মানি নলয় বুলি স্পষ্ট কৰি দিয়ে ছাত্ৰ-ছাত্ৰীসকলে ।
লগতে পঢ়ক: 276 যাত্ৰীসহ ফ্ৰান্সত আবদ্ধ হৈ থকা বিমানখন অৱশেষত আহি পালে ভাৰত