Student leader remembered :মাজুলীত প্ৰয়াত ছাত্ৰ নেতা বিপুল চুতীয়াক সোঁৱৰণ - সদৌ অসম চুতীয়া ছাত্র সন্থা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 2:20 PM IST

মাজুলী, ১ অক্টোবৰ: সদ্য প্ৰয়াত ছাত্ৰ নেতা, সদৌ অসম চুতীয়া ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, চুতীয়া উন্নয়ন পৰিষদৰ সদস্য বিপুল চুতীয়াৰ সোঁৱৰণত শনিবাৰে এখন স্মৃতি চাৰণ সভা সম্পন্ন হয় । সদৌ চুতীয়া জাতি সন্মিলন, সদৌ অসম চুতীয়া জাতি ছাত্র সন্থা, চুতীয়া জাতি উন্নয়ন পৰিষদৰ যৌথ উদ্যোগত তথা চুতীয়া জনগোষ্ঠীটোৰ মাজুলী জিলাৰ ভাতৃ সংগঠনৰ সহযোগত উজনি মাজুলী মিলন সংঘত অনুষ্ঠিত সভাৰ প্ৰাকক্ষণত প্ৰয়াত চুতীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু ম্যাল্যাৰ্পণ কৰি ছাত্ৰ নেতাজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।  

এই স্মৃতিচাৰণ সভাতে প্ৰয়াত চুতীয়াৰ সোঁৱৰণত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই প্ৰকাশ কৰি উলিওৱা তথা সন্থাৰ সহকাৰী সম্পাদক ৰূপজ্যোতি বৰাৰ সম্পাদনাত প্ৰকাশিত 'স্মৃতি সুবাস' শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ডিম্বেশ্বৰ খনিকৰে । সদৌ অসম চুতীয়া জাতি ছাত্ৰ সন্থাই প্ৰয়াত চুতীয়াৰ সোঁৱৰণত প্ৰতি বছৰে এটি বঁটা প্ৰদান কৰা, চুতীয়া জাতি উন্নয়ন পৰিষদৰ দ্বাৰা মাজুলীত বিপুল চুতীয়া এটি প্ৰতিমূৰ্তি স্থাপন কৰাকে মুখ্য কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক:Kendriya karam sanmilan : তিনিচুকীয়াৰ কেন্দ্ৰীয় কৰম সন্মিলনত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.