Road Accident in Karimganj: কৰিমগঞ্জত বাছে প্ৰাণ কাঢ়িলে এটি কণমানিৰ - আছিমগঞ্জত শোকাৱহ পথ দুৰ্ঘটনা
🎬 Watch Now: Feature Video
কৰিমগঞ্জ জিলাৰ আছিমগঞ্জত শোকাৱহ পথ দুৰ্ঘটনা (Road in Karimganj) ৷ তীব্ৰবেগী বাছৰ খুন্দাত থিতাতে নিহত হয় এটি কণমানি (Student killed in A road accident) ৷ ঘটনাৰ বিৱৰণী অনুসৰি পাথাৰকান্দি থানাৰ অন্তৰ্গত পূৰ্বগুল গাঁৱৰ আলতাফ হুছেইনৰ সাত বছৰীয়া পুত্ৰ আলম হুছেইন স্কুলৰ পৰা প্ৰত্যক দিনাৰ দৰে বৃহস্পতিবাৰেও ঘৰলৈ গৈ আছিল (Bus Accident in Karimganj) ৷ কিন্তু ঘৰলৈ যোৱাৰ সময়তেই ৰাতাবাৰীৰ পৰা কৰিমগঞ্জ অভিমুখী যোৱা এখন বাছে মহতিয়াই নিয়ে আলমক । ঘটনা সংঘটিত কৰিয়েই চালকজন পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় ৰাইজৰ সহযোগত আটক কৰিবলে সক্ষম হয় ।
Last Updated : Feb 3, 2023, 8:36 PM IST