Dilapidated Wood Bridge: এখন দলং বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কণ কণ শিক্ষাৰ্থীৰ - ভগ্ন কাঠৰ দলঙৰে মৰণত শৰণ দি যাতায়াত

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 12:57 PM IST

যোৰহাট, ৬ ছেপ্টেম্বৰ: এখন পকী দলং বিচাৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা তথা মামালৈ কাতৰ অনুৰোধ জনাইছে স্কুললৈ যোৱা কণ কণ ছাত্ৰ-ছাত্ৰী । এটা পকী পথৰ ওপৰত থকা এখন ভগ্নপ্ৰায় কাঠৰ দলঙৰ ওপৰেদি প্ৰতিদিনে মৰণত শৰণ দি আহা যোৱা কৰে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে । সেয়েহে জীৱনৰ নিৰাপত্তা বিচাৰি মুখ্যমন্ত্ৰীৰ শৰণাপন্ন হৈ কাতৰ অনুৰোধ জনাই কয়, "আমাক কাঠৰ দলঙখন বনাই দিয়ক, আমাৰ ভয় লাগে ।"  

মৰিয়নি সমষ্টিৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী উদয়পুৰ গাঁৱৰ পকী পথৰ ওপৰত থকা মৰণফাণ্ডৰূপী ভঙা দলঙেদি উদয়পুৰ প্ৰাৰ্থমিক বিদ্যালয়লৈ বিপদসংকূলভাৱে প্ৰতিদিনে অহা যোৱা কৰে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে । বিধায়ক ৰূপজ্যোতি কুৰ্মী তথা বিভাগীয় কৰ্তৃপক্ষই বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিয়া বাবে বিপদসংকূলভাৱে ভংগ্ন দলঙৰে প্ৰতিদিনে বিদ্যালয়লৈ অহা যোৱা কৰে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ৰাইজে ।

উল্লেখ্য যে, স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যিমানেই সমষ্টি উন্নয়ন হৈছে বুলি শ্লগান দি নাথাকক কিয় প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে উক্ত ভগ্নপ্ৰায়, জৰাজীৰ্ণ দলঙখনেই তাৰ স্পষ্ট উদাহৰণ দাঙি ধৰিছে ।

লগতে পঢ়ক:Rahul Gandhi Europe Tour: সপ্তাহজোৰা ইউৰোপ ভ্ৰমণলৈ ৰাওনা ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.