thumbnail

By

Published : Jun 9, 2023, 10:20 PM IST

ETV Bharat / Videos

Strom Hits Dhemaji District : ধেমাজিত বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতি, এজনৰ মৃত্যু

ধেমাজি, 9 জুন :সমগ্ৰ ৰাজ্যতে গৰমে দহাৰ পাচত শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আহিল বিধ্বংসী ধুমুহা (Strom Hits Dhemaji District)৷ জানিব পৰা মতে ধুমুহাৰ ফলত ধেমাজি নগৰৰ আৰক্ষী অধীক্ষকৰ আৱাস গৃহৰ সন্মুখতে এজোপা প্ৰকাণ্ড গছ উভালি পৰে ৷ গছজোপা  উভালি পৰাত নিহত হয় এজন বাইক আৰোহী ৷ নিহত লোক জন ধেমাজি নিলখ গাঁৱৰ পিটি আড়ন্ধৰা ওৰফে ৰবিন বুলি জানিব পৰা গৈছে (Dhemaji storm cause one death) ৷ বাইক খনৰ নম্বৰ হৈছে  AS 22 F2173 ৷ ইফালে  গছৰ তলত থকা এখন হোটেলও ভাঙি চুৰমাৰ হয় আৰু  দোকানত থকা গ্ৰাহক সহ দোকানখনৰ মালিক গৰাকীও দৈৱক্ৰমে প্ৰাণৰক্ষা পৰে ৷ আনহাতে আহত হৈছে 6 বছৰীয়া এটি শিশু ৷ ধেমাজি সদৰ প্ৰেছ ক্লাৱৰ সন্মুখত ঘটা ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী সংবাদকৰ্মীয়ে ততাতৈয়াকৈ ১০৮ আৰু আৰক্ষীক অৱগত কৰে যদিও বহু পলমকৈ এম্বুলেন্স আৰু আৰক্ষী উপস্থিত হোৱাৰ অভিযোগ ৷ ধুমুহাৰ ফলত ধেমাজিৰ বিভিন্ন প্ৰান্তত বৃহৎ বৃহৎ গছ বাগৰি পৰে ৰাজপথত ৷ ধুমুহাৰ পাচত NDRF দলে জিলা আয়ুক্ত ,আৰক্ষী বিষয়াৰ উপস্থিতিত পথৰ ওপৰত বাগৰি পৰা গছসমূহ কাটি অঞ্চলটো মুকলি কৰে (Dhemaji press club)৷ ইতিমধ্যে ধুমুহাৰ ফলত বিভিন্ন ঠাইত বিদ্যুত পৰিবাহী তাঁৰ ছিগাত অন্ধকাৰত ডুব গৈছে ধেমাজিবাসী ৷ 

লগতে পঢ়ক:PM Jan Arogya Yojana: হাফলঙত আয়ুস্মান ভাৰত কাৰ্ড বিতৰণ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.