NPS Employee Protest: এন পি এছ কৰ্মচাৰীৰ কৰ্মবিৰতিত অচল জোনাই - ৰাষ্ট্ৰীয় পেন্সন আঁচনি কৰ্মচাৰী সন্থা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 7:13 PM IST

Updated : Aug 22, 2023, 7:31 PM IST

জোনাই,২২ আগষ্ট: ৰাজ্যত নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহালৰ দাবীত মঙলবাৰে জোনাই মহকুমাতো চৰকাৰী কৰ্মচাৰী সকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জোনাই মহকুমা ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ দণ্ডাধীশ নিভা কাঞ্চন গগৈক তিনিদফীয়া দাবীৰ সমৰ্থনত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।  

সদৌ অসম চৰকাৰী ৰাষ্ট্ৰীয় পেন্সন আঁচনি কৰ্মচাৰী সন্থাৰ জোনাই মহকুমা সমিতিৰ সভাপতি ৰাজু ৰেগন আৰু সম্পাদক উপেন পেগুই এই স্মাৰক পত্ৰত উল্লেখ কৰে যে ৰাজ্যত পুৰণি পেন্সন বাহাল ৰাখি ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত চৰকাৰী কৰ্মচাৰীৰ অৱসৰকালীন সকলো সুবিধা প্ৰদান কৰিবলৈ সদৌ অসম চৰকাৰী নতুন পেন্সন আঁচনি কৰ্মচাৰী সন্থাই অসম চৰকাৰক বাৰে বাৰে অনুৰোধ জনাই আহিছে ।

তেওঁলোকে কয় যে ২০০৫ৰ ১ ফেব্রুৱাৰীৰ পৰা ৰাজ্যত বলবৎ কৰা এন পি এছ বা ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাই ইতিমধ্যে অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলক ভয়ংকৰ অৰ্থনৈতিক সংকটৰ মাজলৈ ঠেলি দিছে। অসমতো পুৰণি পেন্সন ব্যৱস্থা বাহাল ৰাখি 'এক দেশ এক নীতি'ক মান্যতা দিয়াৰ দাবী জনায় । উল্লেখযোগ্য যে কাইলৈ জোনাই মহকুমাৰ চৰকাৰী কৰ্মচাৰী সকলে পুৰণি পেঞ্চন ব্যৱস্থা পুনঃপ্ৰতিষ্ঠা আৰু ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনৰ চৰকাৰী কৰ্মচাৰীৰ অৱসৰকালীন সকলো সুবিধা প্ৰদানৰ দাবীত সৰ্বাত্মক কৰ্মবিৰতি পালন কৰিব।

লগতে পঢ়ক:Assam BJP internal conflict: সিদ্ধাৰ্থ ভট্টাচাৰ্য-ৰাজেন গোহাঁইৰ বিৰুদ্ধে হুংকাৰ শতাধিক বিজেপি নেতা-কৰ্মীৰ

Last Updated : Aug 22, 2023, 7:31 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.