Street play in Barpeta : প্লাষ্টিক মুক্ত সমাজৰ সপোনেৰে বৰপেটা চহৰত সজাগতামূলক বাটৰ নাট

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 6:44 PM IST

thumbnail

বৰপেটা, 9 ছেপ্টেম্বৰ : প্লাষ্টিকৰ ব্যৱহাৰে মানৱ সমাজলৈ কঢ়িয়াইছে ভয়াৱহ বিপদ ৷ প্লাষ্টিকৰ অবাধ ব্যৱহাৰৰ ফলত সৃষ্টি হৈছে প্লাষ্টিক প্ৰদূষণৰ ৷ প্লাষ্টিক প্ৰদূষণৰ পৰা দেশ তথা মানৱ সমাজক ৰক্ষাৰ উদ্দেশ্যেৰে ধুবুৰীৰ 7ম অসম বেটেলিয়ন আৰু বৰপেটা এম চি কলেজ এন চি চি কেডেটৰ দ্বাৰা বৰপেটা চহৰৰ পাঁচ আলি চ'কত সজাগতামূলক বাটৰ নাট পৰিৱেশন ৷

বৰ্তমান বজাৰ-সমাৰত যিকোনো বস্তু ক্ৰয় কৰাৰ পিছত দোকানীয়ে প্লাষ্টিকৰ মোনাত সামগ্ৰী সমূহ দিয়া দেখা যায় ৷ খোৱা সামগ্ৰীৰ উপৰিও নিতৌ ব্যৱহাৰ কৰা যিকোনো সামগ্ৰীয়েই প্লাষ্টিকৰ মোনাত দিয়া হয় ৷ কিন্তু এই প্লাষ্টিক ব্যৱহাৰে আমাক যে অদূৰ ভবিষ্যতে এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন কৰাব সেইটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷

মানুহৰ জীৱনৰ লগতে প্ৰকৃতিৰো ক্ষতি সাধন কৰিছে প্লাষ্টিকে ৷ য’তে ত’তে প্লাষ্টিক সমূহ পেলাই দিয়াৰ পাছত মাটিৰ উৰ্বৰা শক্তি হ্ৰাস কৰি পেলাইছে ৷ এই সমগ্ৰ বিষয়বস্তু ৰাইজৰ আগত অতি সুন্দৰকৈ উপস্থাপন কৰি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিছে বাটৰ নাটখনৰ মাজেৰে ৷ নাটখন উপভোগ কৰি এটা সুন্দৰ বাৰ্তা সমাজত প্ৰেৰণ কৰা বুলি সচেতন ৰাইজে মত পোষণ কৰে ৷ 

লগতে পঢ়ক : Amrit Brikshya Andolan: বিশ্ব অভিলেখৰ চেষ্টা; খানাপাৰত 23 কি.মি দৈৰ্ঘ্যৰ সৰ্পিল আকৃতিৰ গছপুলিৰ শাৰী সাজু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.