thumbnail

By

Published : Dec 9, 2022, 10:54 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / Videos

Street Play on Man-Elephant Conflict: কেনেকৈ ৰোধ কৰিব পাৰি হাতী মানুহৰ সংঘাত

কলিয়াবৰত ক্ৰমাৎ বাঢ়ি অহা হস্তী-মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শনৰে সজাগতা সৃষ্টিৰ প্ৰয়াস(Street paly for prevention of man elephant conflict) । ডব্লিউ. ডব্লিউ. এফৰ সহযোগত পূৱ-কামৰূপ বন সংমণ্ডল আৰু গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ যৌথ উদ্যোগত কলিয়াবৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত শুকুৰবাৰে বাটৰ নাট প্ৰদৰ্শন কৰা হয়(Street Play on Man Elephant Conflict at Kaliabor) । উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অন‍্যান‍্য বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা জাক-জাক হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰে ৷ ইয়ে জনসাধাৰণৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে হাতী-মানুহৰ সংঘাত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে । বাটৰ নাটৰ জৰিয়তে কলিয়াবৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত ৰোধৰ উপায়সমূহ ৰাইজক বাটৰ নাটৰ জৰিয়তে অৱগত কৰাৰ প্ৰয়াস কৰে ডব্লিউ. ডব্লিউ. এফে(Street Play on Man Elephant Conflict by WWF) ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.