Storms Hits Nalbari: নলবাৰীত ধুমুহাৰ তাণ্ডৱত গৃহহাৰা সহস্ৰাধিক লোক - storm destroyed houses in Nalbari
🎬 Watch Now: Feature Video
নলবাৰী, ১৯ এপ্ৰিল : বুধবাৰে নিশা নলবাৰীৰ বিভিন্ন প্ৰান্তত চলে ধুমুহাৰ তাণ্ডৱ (Storm hits in different parts of Nalbari) । জিলাখনৰ প্ৰায় বিছখনতকৈও অধিক গাঁৱত ধুমুহাই তাণ্ডৱ চলায় । নলবাৰীৰ উত্তৰ-পশ্চিম প্ৰান্তৰ সুৰাদী, বৰঝাৰ, মাজগাঁৱকে ধৰি বহু অঞ্চলত মঙলবাৰে নিশা ধুমুহাৰ লগতে শিলাবৃষ্টিও হয় ।
এই প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতিসাধন হয় কেইবাটাও অঞ্চলৰ বাসগৃহৰ লগতে সাংস্কৃতিক অনুষ্ঠানত (storm destroyed houses in Nalbari) । ঠায়ে ঠায়ে বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগী খুঁটা খহি পৰাৰ লগতে পথৰ ওপৰতে উভালি পৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ । গছ উভালি বন্ধ হৈ পৰে যাতায়াত আৰু বিদ্যুৎ যোগান ।
জিলাখনৰ বৃহত্তৰ মাজগাঁও, সুৰাদী, বৰঝাৰ আদিত বিদ্যুৎ সংযোগ বৰ্তমান কৰ্তন কৰি দিয়া হৈছে । মাজগাঁও, বাংনাবাৰী, ডিপ্তা সুৰাদী আদি গাঁৱৰ সহস্ৰাধিক লোকৰ ভাগি পৰিছে ঘৰ (storm effected normal life in Nalbari) । বাসগৃহৰ লগতে বাংনাবাৰী মজলীয়া বিদ্যালয়ৰ গৃহতো উভালি পৰে প্ৰকাণ্ড গছ ।
যাৰ ফলত বিদ্যালয়খনৰ টিনপাতৰ লগতে বিদ্যালয়খনৰ দেৱালবোৰ ভাগি যায় । নিশাৰ এই প্ৰচণ্ড ধুমুহাত কথমপি প্ৰাণৰক্ষা পৰে বহুকেইটা পৰিয়ালৰ । ধুমুহাৰ তাণ্ডৱত গৃহহাৰা হোৱা ক্ষতিগ্ৰস্ত লোকসকলে এতিয়া চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা ক্ষতিপূৰণৰ দাবী জনাইছে ।
লগতে পঢ়ক :Heavy Storm in Dibrugarh: ৰঙালীৰ আনন্দৰ মাজতে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ