thumbnail

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 8:12 PM IST

ETV Bharat / Videos

তৃতীয় বাৰ্ষিক প্ৰণৱ দত্ত সোঁৱৰণী মুকলি কাৰাটে-ডু প্ৰতিযোগিতাৰ আৰম্ভণি

হোজাই, 20 নৱেম্বৰ : হোজাইত সোমবাৰৰে পৰা আৰম্ভ হৈছে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত তৃতীয় বাৰ্ষিক প্ৰণৱ দত্ত সোঁৱৰণী মুকলি কাৰাটে ডু প্ৰতিযোগিতা ৷ উক্ত প্ৰতিযোগিতাত ১৮ খন জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ মুকলি প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে তৃতীয় বাৰ্ষিক প্ৰণৱ দত্ত সোঁৱৰণী মুকলি কাৰাটে-ডু প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনিত বিভিন্ন শাখাত ৪ শতাধিকৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে বুলি উদ্যোক্তাই মন্তব্য কৰিছে ।

ৰাজ্যৰ প্ৰতিযোগীসকলৰ লগতে প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিব কেবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ত খেলা খেলুৱৈয়ে । উল্লেখ্য যে, প্ৰণৱ দত্ত সোঁৱৰণী কাৰাটে-ডু এছ’চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা দুদিনীয়া প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই ।

লগতে পঢ়ক : Karate Championships : ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ স্বীকৃতি ধনশিৰি মহকুমাৰ কাৰাটে দলৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.