thumbnail

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 8:27 AM IST

ETV Bharat / Videos

শান্তিপ্ৰিয় অসমৰ ৰাইজৰ স্বাৰ্থত পৰেশ বৰুৱাই শান্তি আলোচনাৰ বাবে আগুৱাই অহাটো উচিত : ভৱেশ কলিতা

ৰঙিয়া, 9 ডিচেম্বৰ : বিজেপি দলে শাসনৰ গাদীত বহাৰ পিচতেই বহু আলফা(স্বা)ই আত্মসমৰ্পণ কৰিছিল যদিও যোৱা কিছু সময়ৰ পৰা পুনৰ অসমৰ যুৱক-যুৱতীয়ে আলফাত যোগদান কৰা পৰিলক্ষিত হৈছে ৷ এই বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰে ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ সংবাদ মাধ‍্যমৰ আগত কলিতাই অহিংসা নীতিৰেহে সকলো সমস্যাৰ সমাধান সম্ভৱ বুলি উল্লেখ কৰি পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে পুনৰ আহ্বান জনায় ।

কলিতাই কয়, "এসময়ত আলফা আৰু সেনাবাহিনীৰ সংঘৰ্ষৰ ফলত অসমৰ বহু তেজাল যুৱক-যুৱতী মৃত্যু মুখত পৰিছিল । সেই ক্ষতি আজিও পূৰণ হোৱা নাই । সেয়েহে শান্তিপ্ৰিয় অসমৰ ৰাইজৰ স্বাৰ্থৰ খাতিৰত পৰেশ বৰুৱাই শান্তি আলোচনাৰ বাবে আগুৱাই অহাটো উচিত’’ । 

লগতে উচ্চতম ন্যায়ালয়ে চৰকাৰৰ পৰা অসমৰ অবৈধ বাংলাদেশী সমস্যাৰ ক্ষেত্ৰত তথ্য বিচৰা সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয় যে আদালতৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ চৰকাৰ বদ্ধপৰিকৰ । ইতিমধ্যে এই সম্পৰ্কে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই তথ্য যোগাৰৰ কাম আৰম্ভ কৰিছে বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

লগতে পঢ়ক : তহঁতৰ সংগ্ৰাম কেতিয়াবা সফল হ'বনে ? তীব্ৰ ক্ষোভত আলফা স্বাধীনলৈ প্ৰশ্ন সাংবাদিক বিদ্যুৎ মহন্তৰ পত্নীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.