শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ দ্বি-বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ লাইখুঁটা স্থাপন - চতুৰ্দশ দ্বি বাৰ্ষিক ৰাজ্যিক অধিবেশন
🎬 Watch Now: Feature Video


Published : Dec 18, 2023, 7:09 AM IST
কলিয়াবৰ, ১৮ ডিচেম্বৰ: কলিয়াবৰত আগন্তুক জানুৱাৰী মাহত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ চতুৰ্দশ দ্বি-বাৰ্ষিক ৰাজ্যিক অধিবেশন ৷ এই উপলক্ষে দেওবাৰে এক মাংগলিক পৰিবেশত অধিবেশনৰ লাইখুটা স্থাপন কৰা হয় । সম্পূৰ্ণ মাংগলিক পৰিবেশত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা এক পৰিবেশত অধিৱেশনৰ লাইখুটা স্থাপন কৰে স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।
কলিয়াবৰৰ মণিকাঞ্চন আঞ্চলিকৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা এই ৰাজ্যিক অধিবেশনৰ লাইখুটা স্থাপন অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ সভাপতি দিনেশ মহন্ত উপস্থিত থাকে । অহা ২৭ জানুৱাৰীৰ পৰা ২৯ জানুৱাৰী ২০২৪ লৈ কলিয়াবৰৰ শান্তিপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ এই ৰাজ্যিক অধিবেশন । কৃষ্ণমূৰ্তি পাঠকে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত দুই শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি পৰিবেশটো জীপাল কৰি তোলে ।
লগতে পঢ়ক: ধেমাজিত অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভাৰ লাইখুটা স্থাপন