Sankaradeva death anniversary: নাম-প্ৰসংগৰে মুখৰিত গুৰুজনাৰ জন্মস্থান - Sankaradeva 455th death anniversary
🎬 Watch Now: Feature Video
Published : Sep 16, 2023, 4:13 PM IST
নগাঁও,১৬ ছেপ্টেম্বৰ: আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি । সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰে গুৰুজনাৰ অময়া সৃষ্টি হৰিনাম-প্ৰসংগৰে সুঁৱৰিছে যুগনায়কগৰাকীক । ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰৰ লগতে শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানতো পুৱাৰে পৰা নাম-প্ৰসংগৰে মুখৰিত হৈ পৰিছে ।
শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে বটদ্ৰৱা থানত 'গুৰু কীৰ্তন' হিচাপে পালন কৰা হয় । বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি শ শ বছৰ ধৰি গুৰু কীৰ্তন উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন হৈ আহিছে । ধৰ্মীয় পৰম্পৰাৰে শুকুৰবাৰৰে পৰা আৰম্ভ হোৱা গুৰু-কীৰ্তনৰ শনিবাৰে পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল-প্রসঙ্গ, দুপৰীয়া নাম প্ৰসংগ আদি বিভিন্ন কাৰ্যসূচীৰ পিছত বিয়লি সত্ৰৰ কণ কণ শিশুসকলে পৰিবেশন কৰিব ভোজন বেহাৰ নাটক ।
লগতে পঢ়ক: Rakibul Hussain slams CM: INDIA ই অসমতো বৰ্জন কৰিব একপক্ষীয় সাংবাদিকক !