thumbnail

Formalin in Fish: চালানী মাছত ফৰ্মেলিনৰ উপস্থিতি পৰীক্ষাৰ বাবে বিশেষজ্ঞ কমিটি গঠন

By

Published : Apr 29, 2023, 8:40 AM IST

কৰিমগঞ্জ, 29 এপ্ৰিলত: চালানী মাছত মানুৰ স্বাস্থ্যৰ বাবে অপকাৰী ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰাৰ পাচতেই এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ সমান্তৰালভাৱে তৎপৰ হৈ পৰিছে চৰকাৰ, খাদ্য সুৰক্ষা আৰু যোগান বিভাগ (Formalin detected in Fish) ৷  

মাছত ফৰ্মেলিনৰ পৰিমাণ আৰু উপস্থিতি পৰীক্ষা কৰিবলৈ মীন বিভাগে গুৱাহাটী বিশ্ববিদ্যালয়, মীন মহাবিদ্যালয় আৰু কৃষি বিশ্ববিদ্যালয়ৰ তত্বৱধানত গঠন কৰিছে এক বিশেষজ্ঞ কমিটি ৷ মাছত ফৰ্মেলিনৰ লগতে জনস্বাস্থ্যৰ বাবে অনুপযোগী আন আন দ্ৰব্যৰ উপস্থিতি পৰীক্ষা কৰিব এই বিশেষজ্ঞ কমিটিয়ে (Fish laced with formalin) ৷ মাছত যদি বিষাক্ত পদাৰ্থৰ উপস্থিতি পোৱা যায় তেন্তে খাদ্য আৰু অসামৰিক যোগান বিভাগে গ্ৰহণ কৰিব ব্যৱস্থা ৷ এক সংবাদমেলযোগে এই কথা সদৰী কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ ইফালে,  চালানীৰ মাছত ফৰ্মেলিন আছে নে নাই সেয়া নিশ্চিত নোহোৱালৈকে ৰাজ্যবাসীয়ে চালানী মাছ খোৱাৰ পৰা বিৰত থাকিব লাগে বুলিও কয় মন্ত্ৰীগৰাকীয়ে (Formalin in chalani fish) ৷  

উল্লেখ্য যে, নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগে চলোৱা এক পৰীক্ষাত চালানী মাছত ফৰ্মেলিন থকাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছিল ৷ ইফালে, চালানী মাছত ফৰ্মেলিনৰ উপস্থিতিৰ কথা পোহৰলৈ অহাৰ পাচতেই এতিয়া ৰাজ্যৰ বজাৰসমূহত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে থলুৱা মাছৰ দাম ৷ 

লগতে পঢ়ক: Formalin detection in Fish: মাছৰ নামত বৰবিহ ! নগাঁও কলেজৰ অধ্যয়নত উদ্বেগকজনক তথ্য

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.