thumbnail

Margherita Rape Case: অভিযুক্ত আননৰ পত্নীক গ্ৰেপ্তাৰৰ পিচতে মন্তব্য আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ

By

Published : May 6, 2023, 9:47 PM IST

Updated : May 6, 2023, 10:21 PM IST

তিনিচুকীয়া, ৬ মে’: ৰাজ্য কঁপোৱা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত নাবালিকাক ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমক সাক্ষাৎ কৰিলে তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে (Margherita Rape Case) ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশ অনুসৰি তদন্ত অব্যাহত ৰখা বুলি উল্লেখ কৰে (Margherita SP commented on Margherita Rape Case) । 

লগতে আৰক্ষীয়ে এই পৰ্যন্ত বহু গুৰুত্বপূৰ্ণ প্ৰমাণ সংগ্ৰহ কৰিছে বুলি উল্লেখ কৰি কয় যে, অভিযুক্ত আনন তাঁতীৰ পত্নী গংগা তাঁতীয়ে মৃতদেহ নিষ্কাশন আৰু প্ৰমাণ নষ্ট কৰাৰ ক্ষেত্ৰত জড়িত থকাৰ তথ্য পোৱা গৈছে (SP Abhijit Gaurav Dilip reacts on Rape Case)। আৰক্ষীয়ে এতিয়ালৈ লাভ কৰা প্ৰমাণৰ পৰা কোনো দলবদ্ধ ধৰ্ষণ বা আন কোনো ব্যক্তি জড়িত থকাৰ তথ্য পোহৰলৈ অহা নাই ৷  

আনহাতে, মাৰ্ঘেৰিটাত নাবালিকাগৰাকীক ধৰ্ষণ আৰু হত্যাৰ আলোকচিত্ৰ আৰু ভুক্তভোগীৰ মৃতকৰ ফটো আৰু ভিডিঅ'ৰ তথ্য অনুসৰি সামাজিক মাধ্যমৰ জৰিয়তে নাম পৰিচয় আদি একাংশ লোকে প্ৰচাৰ কৰিছিল (Margherita Minor Rape Case)। এই বিষয়ত তিনিচুকীয়া আৰক্ষীয়ে তদন্ত চলাই আছে। যদি দোষী সাব্যস্ত হয় , যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: Margherita Rape and murder case update : আৰক্ষীৰ গুলীত পংগু হ’ল মাৰ্ঘেৰিটাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আনন তাঁতী

Last Updated : May 6, 2023, 10:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.