Molestation at Sonari:  নাবালিকাক যৌন নিৰ্যাতন চলাই জেললৈ গ'ল শিক্ষক - সোণাৰিৰ কাকতিবাৰীত নাবালিকাক যৌন নিৰ্যাতন

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 27, 2022, 7:23 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

সোণাৰিৰ কাকতিবাৰীত নাবালিকাক যৌন নিৰ্যাতন চলাই কাৰগাৰলৈ শিক্ষক । শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে সোণাৰি কাকতিবাৰীৰ শিক্ষক চুনি বাইলুঙে । শিক্ষকগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালৰ (Molestation allegation against teacher)। সমনীয়াৰ সৈতে চাহ বাগানত আম পাৰিবলৈ যোৱাৰ সময়তে নাবালিকাগৰাকীক যৌন নিৰ্যাতন চলাৱোৰ অভিযোগ উত্থাপিত হৈছে শিক্ষক চুনি বাইলুঙৰ বিৰুদ্ধে (Molestation at Sonai)। ইফালে এই ঘটনা সন্দৰ্ভত ভুক্তভোগী নাবালিকাৰ পৰিয়ালে কাকতিবাৰী আৰক্ষী থানাত(Kakotibari Police Station) এজাহাৰ দাখিল কৰাত বৃহস্পতিবাৰে নিশাই আৰক্ষীয়ে আটক কৰে শিক্ষকগৰাকীক । পৰিয়ালৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ৰ অধীনত ২৩/২০২২ নম্বৰত আৰু R/W Sec-8 POCSO ৰ অধীনত এটা গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে কাকতিবাৰী আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.