Son killed mother: পুত্ৰ যেতিয়া ঘাতক হয় ! - জঘন্য হত্যাকাণ্ডৰ ঘটনা
🎬 Watch Now: Feature Video

জনীয়া, 28 এপ্ৰিল : কুলাংগাৰ পুত্ৰই প্ৰাণ ল’লে মাতৃৰ ৷ কলগাছিয়াৰ সাওৰাচৰা গাঁৱত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ডৰ ঘটনা (Murder case at Kalgachia) । পুত্ৰই কোৰেৰে চবিয়াই হত্যা কৰিলে মাতৃক (Son killed mother)। ঘটনাৰ বিৱৰণী অনুসৰি ঈদৰ পূৰ্বে শ্বহিদুল ইছলাম নামৰ যুৱকজনে মাতৃ মালেকা বেৱাক কোৰেৰে অতৰ্কিতে আক্ৰমণ কৰি পলায়ন কৰে ।
পিচমুহূৰ্তত স্থানীয় ৰাইজে বৃদ্ধা মহিলাগৰাকীক ততাতৈয়াকৈ কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয় ভৰ্তি কৰায় যদিও হাস্পতাল কৰ্তৃপক্ষই উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে (Son killed mother at Kalgachia)। অৱশেষত মহিলাগৰাকীয়ে জীৱন মৰণৰ লগত যুঁজি বৃহস্পতিবাৰে নিশা মৃত্যুৰ মুখত পৰে । শুকুৰবাৰে মহিলাগৰাকীৰ মৃতদেহ সাওৰাচৰাস্থিত নিজ গৃহলৈ লৈ আহে।
লগতে পঢ়ক: Moral police incidents of Assam: সভ্য সমাজৰ চাবিকাঠি আমিয়েই গতাইছো নেকি মৰেল পুলিচৰ হাতত !
উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰা শ্বহিদুলে মাতৃৰ ওপৰত চলাই আহিছিল শাৰীৰিক আৰু মানসিক অত্যাচাৰ। ইয়াৰ পূৰ্বেও শ্বহিদুলে কেইবাবাৰো আক্ৰমণ কৰিছিল মাতৃক । এই বিষয়ে সমাজৰ একাংশ দেৱানী মতাব্বৰে মীমাংসা কৰি দিব বুলি কৈছিল যদিও কোনো গুৰুত্ব নিদিয়াত পুনৰ ঈদৰ আগৰ দিনাৰ পুত্ৰই মহিলাগৰাকীক আক্ৰমণ কৰাত মহিলাগৰাকীৰ মৃত্যু হয় । এই কাণ্ডই বৃহত্তৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে ৷ কুলাংগাৰ পুত্ৰক আৰক্ষীয়ে অতি সোনকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷