Murder at Duliajan : লোমহৰ্ষক হত্যাকাণ্ড, পুত্ৰ-ভতিজাকৰ হাতত প্ৰাণ গ’ল এজনৰ - লোমহৰ্ষক হত্যাকাণ্ড
🎬 Watch Now: Feature Video


Published : Nov 11, 2023, 7:38 PM IST
ডিব্ৰুগড়, 11 নৱেম্বৰ : দুলীয়াজানৰ 2 নং চিৰিংখাতত সংঘটিত হোৱা এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দুলীয়াজান ৷ জানিব পৰা মতে শুকুৰবাৰে নিশা এই অঞ্চলৰ ভুক্তভোগী বুধু পাহাৰিয়াৰ সৈতে তেওঁৰ পুত্ৰ বিজয় পাহাৰিয়া আৰু ভতিজাক শাউন ওৰাঙৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷
পৰৱৰ্তী সময়ত এই কাজিয়াই গুৰুতৰ ৰূপ লয় আৰু পুত্ৰ বিজয় পাহাৰিয়াই ইটা আৰু ভতিজাক শাউন ওৰাঙে এডাল লাঠিৰে অতি নিৰ্মমভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে বুধু পাহাৰিয়াক ৷ এই সমগ্ৰ ঘটনা মৃত বুধু পাহাৰিয়াৰ আন পৰিয়ালৰ সদস্যৰ সন্মুখতে সংঘটিত হয় ৷
শনিবাৰে দিনৰ ভাগত ঘটনা পোহৰলৈ অহাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ ইফালে এই হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্তক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে দুয়োটা অভিযুক্তক আটক কৰি থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ এই ঘটনাই দুলীয়াজানত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক : Brutal murder in Udalguri: কাঠ ফলা মেচিনত সুমুৱাই ৮ বছৰীয়া শিশুক হত্যা