Murder in Nalbari: ঘগ্ৰাপাৰত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ - ঘগ্ৰাপাৰ আৰক্ষী
🎬 Watch Now: Feature Video


Published : Sep 3, 2023, 12:35 PM IST
নলবাৰী, 3 আগষ্ট : নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত কয়াকুছিত চাঞ্চল্যকৰ ঘটনা ৷ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ ৷ শনিবাৰে নিশা ৰূপম কলিতা নামৰ যুৱকজনে মাতৃক অতি নৃশংসভাৱে হত্যা কৰি গাপ দিয়াৰ চেষ্টা কৰে ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি দীৰ্ঘদিন ধৰি ৰূপম কলিতাই বৃদ্ধা মাতৃক নিৰ্যাতন চলাই আহিছিল ৷ শনিবাৰে নিশা আন দিনাৰ দৰে বৃদ্ধ মাতৃক অত্যাচৰ চলাই ৷ ফলত মৃত্যু হয় দুৰ্ভগীয়া মাতৃ কামিনী কলিতা ৷ জানিব পৰা মতে ৰূপমে চোকা অস্ত্ৰ আৰু ঘুচিয়াই ঘুচিয়াই মাতৃক হত্যা কৰি গাপ দিয়াৰ চেষ্টা কৰিছিল ৷
কিন্তু স্থানীয় লোকৰ তৎপৰতাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আৰক্ষীক খৱৰ দিয়ে ৷ ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত ঘগ্ৰাপাৰ আৰক্ষী উপস্থিত হৈ আটক কৰে মাতৃ হত্যাকাৰী ৰূপম কলিতাক ৷ এই ঘটনাক লৈ সমগ্ৰ ঘগ্ৰাপাৰ অঞ্চলতেই এক চাঞ্চল্যই বিৰাজ কৰিছে ।
লগতে পঢ়ক:Protest in Nalbari : মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি নলবাৰীত জিলা যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ