Snowfall in Himachal : দুৰ্যোগপীড়িত হিমাচলত আৰম্ভ হৈছে তুষাৰপাত, বৃহৎ সংখ্যক পৰ্যটক অহাৰ আশা

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 9:36 PM IST

thumbnail

নিউজ ডেস্ক, 10 নৱেম্বৰ: হিমাচল প্ৰদেশত আৰম্ভ হৈছে তুষাৰপাত ৷ লাহৌল স্পিটিকে ধৰি ৰাজ্যখনৰ ওখ পাহাৰীয়া অঞ্চলত এতিয়া তুষাৰপাত হোৱা পৰিলক্ষিত হৈছে ৷ তুষাৰপাতৰ বাবে লাহৌল স্পিতিৰ পাহাৰ বগা চাদৰেৰে ঢাকি থোৱা যেন দেখা গৈছে ৷ যাৰ বাবে প্ৰকৃতিৰ এক বিচিত্ৰময় দৃশ্য দেখা পোৱা গৈছে ৷ তুষাৰপাতৰ ফলত পাহাৰ, ৰাস্তা, ঘৰ আৰু যান-বাহন আদিৰ ওপৰত বিয়পি পৰিছে বৰফৰ ডাঠ তৰপ ৷ 

তুষাৰপাতৰ বাবে লাহৌল স্পিটি উপত্যকাটো আইচলেণ্ডৰ দৰে দেখা গৈছে ৷ এই দৃশ্য দেখি আনন্দিত তথা উৎফুল্লিত হৈ পৰিছে স্থানীয় লোকৰ লগতে পৰ্যটক সকল ৷ একে সময়তে তুষাৰপাতৰ বাবে ৰাজ্যখনলৈ বৃহৎ সংখ্যক পৰ্যটক অহাৰ আশা কৰা হৈছে ৷ যাৰ বাবেই দুৰ্যোগৰ বোজা ভোগ কৰা পৰ্যটন উদ্যোগটোৱে পুনৰবাৰ প্ৰাণ পাই উঠাৰ সম্ভাৱনা আছে ৰাজ্যখনত ৷ 

লগতে পঢ়ক : Diwali 2023 : গৰুৰ গোবৰৰ পৰা তৈয়াৰ কৰা সামগ্ৰীয়ে বিশেষ কৰি তুলিব দীপাৱলীক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.