Smuggling of LPG cylinder:মৰাণত ভিডিপি সভাপতিৰ নেতৃত্বত ৰন্ধন গেছৰ চোৰাং বেহা - Crime news in Dibrugarh
🎬 Watch Now: Feature Video
মৰাণ, ১২ আগষ্ট: উজনিত সক্ৰিয় ৰন্ধন গেছৰ চোৰাং চক্ৰ । যি সময়ত ৰন্ধন গেছৰ বৰ্ধিত মূল্যই ৰাইজক জ্বলা-কলা খুৱাইছে সেই সময়তে একাংশ দুস্কৃতিকাৰীয়ে ৰন্ধন গেছৰ পৰা অবৈধ ভাৱে গেছ কৰ্তন কৰি গ্ৰাহকক মাধমাৰ সোধাই আহিছে । ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰণিত শনিবাৰে পুৱতি নিশা NL 02Q 3514 নম্বৰৰ এখন ইণ্ডেন গেছ পৰিবাহী ট্ৰাকৰ পৰা অবৈধভাৱে গেছ কৰ্তন কৰি থকা সময়তে মৰাণ থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই শ শ ছিলিণ্ডাৰ জব্দ কৰে ।
আৰক্ষীয়ে ট্ৰাকখনৰ লগতে শ শ ছিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয় যদিও ৰন্ধন গেছৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত কেইটাৰ লগতে ট্ৰাক চালকে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে । স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি অঞ্চলটোৰ ভিডিপিৰ সভাপতি জয়ন্তজ্যোতি ফুকনৰ নেতৃত্বত এই চোৰাং ব্যৱসায় চলিছে । ইয়াত ক্ষীৰোদ দিহিঙীয়া, উত্তম দিহিঙীয়া, নিতুল দিহিঙীয়া আৰু কৃষ্ণ দিহিঙীয়া জড়িত থকাৰ অভিযোগ কৰিছে অঞ্চলটোৰ ৰাইজে ।
উত্থাপিত অভিযোগ অনুসৰি এইসকল অভিযুক্তই উক্ত স্থানত বিগত এবছৰ ধৰি ৰন্ধন গেছৰ চোৰাং ব্যৱসায় চলাই আহিছে । স্থানীয় ৰাইজক ভয় ভাবুকিৰে এই চোৰাং ব্যৱসায় চলাই আছিল বুলি ৰাইজে অভিযোগ কৰিছে ।
লগতে পঢ়ক:Protest in Guwahati: পুনৰ ভূমিৰ অধিকাৰৰ দাবীত উত্তাল মহানগৰী