Crude oil seized: যোৰাবাটত চোৰাং খাৰুৱা তেল জব্দ - Two arrested with crude oil in Jorabat
🎬 Watch Now: Feature Video


Published : Oct 27, 2023, 9:23 PM IST
সোণাপুৰ,২৭ অক্টোবৰ: যোৰাবাট আৰক্ষীৰ বৃহৎ সফলতা । চোৰাং খাৰুৱা তেলৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান । অভিযান আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং খাৰুৱা তেল । লগতে আটক কৰে চোৰাং তেল সৰবৰাহৰ লগত জড়িত দুই যুৱকক ৷ জব্দ কৰা বাহন দুখনৰ চালক ক্ৰমে দীপক কুমাৰ দাস আৰু সুৰেশ কুমাৰ বুলি জানিব পৰা গৈছে ।
যোৰাবাট আৰক্ষীৰ নিয়মীয়া তালাচীত মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখে আহি থকা দুখনকৈ খাৰুৱা তেল কঢ়িওৱা বাহন জব্দ কৰিবলৈ আৰক্ষীৰ দলটোৱে । AS-01-PC-4489 আৰু AS-01-KC-0605 নম্বৰৰ বাহন দুখনৰে সৰবৰাহ কৰিছিল চোৰাং তেলখিনি । বাহন দুখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে চোৰাং খাৰুৱা তেলৰ ২০ টাকৈ ড্ৰাম । ইতিমধ্যে বাহন দুখনৰ চালক দীপক কুমাৰ দাস আৰু সুৰেশ কুমাৰক অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
লগতে পঢ়ক: Infant selling case in Baksa: সদ্যোজাত সন্তানক গতালে আত্মীয়ৰ হাতত