Cattle seized in Nagaon: কলিয়াবৰত চোৰাং গৰুসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ - Cattle smuggling in Assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18501257-thumbnail-16x9-kaliabor-aspera.jpg)
কলিয়াবৰ, ১৪ মে': ৰাজ্যৰ প্ৰায়ভাগ জিলাতে অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam)। ৰাজ্য়ৰ আন জিলাৰ লগতে নগাঁও আৰক্ষীয়ে চোৰাংকৈ সৰবৰাহ কৰা গৰুৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আছে । জিলাখনৰ কলিয়াবৰ, ৰূপহী আদি অঞ্চলত প্ৰায়েই জব্দ হৈ আছে চোৰাংকৈ সৰবৰাহ কৰা গৰু ভৰ্তি বাহন । সমান্তৰালভাৱে গ্ৰেপ্তাৰ হৈছে সৰবৰাহকাৰী । গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে দেওবাৰে কলিয়াবৰত জব্দ হৈছে বাহনসহ চোৰাং গৰু (Smuggled cattle seized in Kaliabor)।
গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আজি বাগৰি আৰক্ষীয়ে হাৰমতিত অভিযান চলাই তিনিখন গৰু ভৰ্তি বাহনৰ সৈতে আটক কৰে তিনিটা সৰবৰাহকাৰীক । জব্দকৃত বাহনকেইখনৰ নম্বৰ হৈছে এ এছ ৩ চি চি ২৭৪৫, এ এছ ০৫ এ চি ২৮৪৩, এ এছ ২৫ চি চি ৪২২৯ । উল্লেখ্য যে আৰক্ষীয়ে বাহন তিনিখনৰ পৰা ১৫ টা গৰু জব্দ কৰি এক গোচৰ ৰুজু কৰিছে । পিচত জব্দকৃত গৰুকেইটা আৰক্ষীয়ে গোশালালৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক: Karnataka Poll Result : কৰ্ণাটকত কংগ্ৰেছৰ জয়ত উৎফুল্লিত জোনাইৰ কংগ্ৰেছ কৰ্মী