Japanese Encephalitis: মাজুলীত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে - Majuli Hospital

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 3, 2023, 1:56 PM IST

মাজুলী,3 আগষ্ট: মাজুলীত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে ৷ পুনৰ জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈছে এগৰাকী ৫ বছৰীয়া শিশু ৷ আক্ৰান্ত শিশুটো উজনি মাজুলীৰ শুকানসুঁতি গাঁৱৰ শিল্পা কুটুম বুলি জানিব পৰা গৈছে ৷ বৰ্তমান ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে শিশুটি । ইতিমধ্যে জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত হৈ কেইদিনমানৰ পূৰ্বে এজন ছাত্ৰৰ মৃত্যু হৈছিল ৷ 

মাজুলীৰ বিভিন্ন অঞ্চলত জাপানীজ এনকেফেলাইটিছে আক্ৰান্ত হৈছে 6 জনকৈ লোক ৷ ইমানৰ পাচতো কুম্ভকৰ্ণ নিদ্ৰাত মাজুলীৰ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসন ৷ আনহাতে বিধায়ক ভুৱন গামে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত শিশুটিৰ সুস্থ কামনা কাৰৰ লগতে পৰিয়ালৰ পৰা শিশুটিৰ স্বাস্থ্যৰ সন্দৰ্ভত বুজ লয় ৷ জাপানীজ এনকেফেলাইটিছক লৈ সজাগতা সৃষ্টি কৰিব বাবে বিভিন্ন প্ৰদক্ষেপ গ্ৰহণ কৰিবৰ শুকানসুঁতি গাঁৱৰ ৰাইজে মাজুলীৰ প্ৰশাসনক আহ্বান জনাইছে ৷

লগতে পঢ়ক: Japanese Encephalitis: মাজুলীত জাপানীজ এনকেফেলাইটিছ’ৰ ভয়াৱহতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.