Gunotsav 2023 preparation: পুনৰ গুণোৎসৱত শীৰ্ষ স্থান দখলৰ বাবে প্ৰস্তুতি শিৱসাগৰ জিলা শিক্ষা বিভাগৰ

By

Published : Jan 3, 2023, 10:45 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
2022 বৰ্ষৰ গুণোৎসৱত (Gunotshav 2022 in Assam) ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি সন্মান লাভ কৰা শিৱসাগৰ জিলাই ইতিমধ্যে মুখ্যমন্ত্ৰীৰ হাতৰ পৰা লাভ কৰিছে পুৰস্কাৰ । ২০২৩ বৰ্ষৰ গুণোৎসৱলৈ মাথোন কেইটামান দিন বাকী । বিগত বৰ্ষত ৰাজ্যৰ ভিতৰতেই শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হোৱা শিৱসাগৰ জিলাৰ মুঠ 700 খন বিদ্যালয়ে A+ পাবলৈ সক্ষম হৈছিল (Sivsagar district Gunotshav result)। বিগত বৰ্ষত ৫৫ শতাংশৰ পৰিৱৰ্তে এইবাৰ ৬০ শতাংশ কৰাৰ সংকল্প লৈছে বুলি জানিবলৈ দিছে জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়ক বিষয়া কমল গগৈয়ে । মঙলবাৰে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এখন সভাত শিক্ষক-শিক্ষয়ত্ৰী সকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে আগন্তুক গুণোৎসৱৰ বাবে অধিক সক্ৰিয়তাৰে সাজু হ'বৰ বাবে পৰামৰ্শ দিয়ে শিক্ষা বিষয়াগৰাকীয়ে । সভাত উপস্থিত থাকে জিলা উপায়ুক্তৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.