Dhemaji Model Hospital: এজনীয়া চিকিৎসকেৰে আদৰ্শ চিকিৎসালয়ত চলিচে হাজাৰ হাজাৰ ৰোগীৰ চিকিৎসা - মন্ত্ৰী পীযুষ হাজৰীকা
🎬 Watch Now: Feature Video
Published : Sep 21, 2023, 3:12 PM IST
ধেমাজি, 21 ছেপ্টেম্বৰ: নামত মডেল চিকিৎসালয়, অৱস্থা কিন্তু উপ-স্বাস্থ্য কেন্দ্ৰৰ দৰে ৷ প্ৰহসনত পৰিণত হৈছে ধেমাজিত আদৰ্শ চিকিৎসালয় ৷ চিচিমুখৰ মাছখোৱা আদৰ্শ চিকিৎসালয় হ’ল গৈ কোৱা-ভাতুৰী ৷ চিকিৎসালয়খনৰ উপ-অধীক্ষকেই ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ পৰা আৰম্ভ কৰি সকলো দায়িত্ব পালন কৰিব লাগে ৷ 30 খন বিচনাযুক্ত আদৰ্শ চিকিৎসালয়ত নাই উপযুক্ত বিশেষজ্ঞ চিকিৎসক, নাৰ্চ, পৰীক্ষাগাৰৰ কৰ্মচাৰী ৷ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ অথবা উপ-স্বাস্থ্য কেন্দ্ৰৰ দৰে চলিছে ৰঙচঙীয়াকৈ নিৰ্মাণ কৰা আদৰ্শ চিকিৎসালয়খন ৷
ইফালে চিকিৎসালয়খনৰ উপ-অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত কয় যে, উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ অঞ্চলবাসীয়ে ডিব্ৰুগড়, ঢকুৱাখনা, ধেমাজি অসামৰিক চিকিৎসালয়লৈ যাব লগীয়া হয় ৷ 2021 চনত মন্ত্ৰী পীযুষ হাজৰীকাই চিচিমুখৰ আদৰ্শ চিকিৎসালয়ৰ গৃহটি মুকলি কৰিছিল ৷ কিন্তু এতিয়া চিকিৎসকৰ অভাৱত ৰোগীয়ে উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত হৈছে ৷
‘‘একোৱে নাই ৷ অকল এজন চিকিৎসকে কিমান ৰোগী চাব ! তেওঁ কান্দি গৈছে ৷ অটকধুনীয়াকৈ ঘৰটো সাজিলে কিন্তু ভিতৰত একো নাই, ’’ এই মন্তব্য স্থানীয় ৰাইজৰ ৷
লগতে পঢ়ক: Heated situation in Dhemaji : ধেমাজি অসামৰিক চিকিৎসালয়ত নিশা উত্তপ্ত পৰিস্থিতি