কৃষিকৰ্মৰে স্বাৱলম্বী কণ্ঠশিল্পী ত্ৰিদিৱ গগৈ

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 5:40 PM IST

thumbnail

মৰাণ,২ জানুৱাৰী: ৰাজ্য চৰকাৰৰে থলুৱা উদ্যোগ স্থাপন কৰি যুৱক-যুৱতীসকলক উৎপাদনমুখী হ'বলৈ আহ্বান জনাই আহিছে । ইতিমধ্যে ৰাজ্য চৰকাৰে ৰাজ্যত কৰ্ম-সংস্কৃতি গঢ়িবৰ বাবে ৰূপায়ণ কৰিছে কেইবাখনো অভিলাষী আঁচনি । কিছু সংখ্যক লোকে চৰকাৰী চাকৰিৰ প্ৰতি আকৰ্ষিত নহৈ নিজে কিবা এটা কৰাৰ লগতে আন দহজনক সংস্থাপন দিয়াৰ বাবে চেষ্টা কৰিছে । তেনে এক স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাই সংগীত চৰ্চাৰ সমানে সমানে টিংখাঙৰ বুঢ়িদিহিঙৰ এৰাসুঁতিত কৃষিকাৰ্যত ব্যস্ত হৈছে এগৰাকী কণ্ঠশিল্পী ।  

সংগীত ক্ষেত্ৰৰ সমানে কৃষিক্ষেত্ৰত মনোনিৱেশ জনপ্ৰিয় কন্ঠশিল্পী ত্ৰিদিৱ গগৈৰ । জুনিয়ৰ জুবিনখ্যাত ত্ৰিদিৱ গগৈয়ে সংগীত জগতৰ ব্যস্ততাৰ মাজতে বুঢ়িদিহিঙৰ এৰাসুঁতিৰ পাৰত ৰচিছে সেউজীয়া সপোন । কন্ঠশিল্পীগৰাকীয়ে ৬-৭ জন লগৰীয়াৰ সৈতে লগ হৈ প্ৰায় ৪০ বিঘা মাটিত আলু, ৰঙালাউ, মটৰ, ফ্ৰেন্সবিন আদিৰ খেতি কৰিছে । ইতিমধ্যে লহপহকৈ বাঢ়ি অহা খেতিডৰাক লৈ যথেষ্ট আশাবাদী উদীয়মান শিল্পীগৰাকী ।  

উল্লেখযোগ্য যে কন্ঠশিল্পী ত্ৰিদিৱ গগৈয়ে ৰহেদৈ, ফাগুন, মইনাকণ বাখৰ আদি বহু জনপ্ৰিয় গীতেৰে শ্ৰোতা ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এতিয়া সংগীত চৰ্চাৰ মাজতে কৃষিকাৰ্য কৰিবৰ বাবে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াই উৎসাহিত কৰা বুলি জানিবলৈ দিয়ে উদ্যমী যুৱকসকলে ।

লগতে পঢ়ক: প্ৰেমৰ প্ৰলোভন দি যুৱতীক বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.