Singer Assaulted at Nalbari: নলবাৰীত সংগীতানুষ্ঠানৰ মাজতে কণ্ঠশিল্পীক অপদস্থ কৰাৰ অভিযোগ - কণ্ঠশিল্পীক শাৰিৰীক আক্ৰমণৰ অভিযোগ
🎬 Watch Now: Feature Video
নলবাৰী, 24 এপ্ৰিল: এইবাৰ সংগীতানুষ্ঠানৰ মাজতে কণ্ঠশিল্পীক শাৰিৰীক আক্ৰমণৰ অভিযোগ ৷ নিশা নলবাৰীৰ জিলাৰ চামতাৰ সাহপুৰত কণ্ঠশিল্পী হিয়া মেধি আৰু সংগীবৃন্দক শাৰিৰীক আক্ৰমণ উদণ্ড লোকৰ (Singer Hiya Medhi) ৷ সাহপুৰ ৰাজাখাটৰ বিহু অনুষ্ঠানত সংগীত পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনাইছিল হিয়া মেধি আৰু অন্য সহ শিল্পী কেইজনক ৷ সংগীত অনুষ্ঠান চলি থকাৰ মাজতে এজন লোকে প্ৰথমে কণ্ঠশিল্পী গৰাকীৰ ফটোগ্ৰাফাৰক শাৰিৰীক আক্ৰমণ কৰাৰ লগতে হিয়া মেধি আৰু অন্য শিল্পীসকলক কাপোৰ খুলি প্ৰহাৰ কৰাৰ ভাবুকি দিয়ে (Singer Hiya Medhi physically assaulted) ।
জয়ন্ত বৰ্মন ওৰফে বগা নামৰ এজন লোকৰ বিৰুদ্ধে ফেচবুক লাইভত আহি এই কথা সদৰী কৰিছে কণ্ঠশিল্পী হিয়া মেধি আৰু তেওঁৰ সংগীবৃন্দই ৷ উদ্যোক্তা সমিতিয়ে পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰিও উদণ্ড লোকজনক ৰুধিব নোৱাৰা বুলি সদৰী কৰে কণ্ঠশিল্পী হিয়া মেধিয়ে (Singer Assaulted at Nalbari) ৷ যাৰ পৰিপ্ৰেক্ষিতত জয়ন্ত বৰ্মন নামৰ উদণ্ড লোকজনৰ বিৰুদ্ধে চামতা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে হিয়া মেধি আৰু তেওঁৰ সংগীবৃন্দই ৷
লগতে পঢ়ক: Car accident: সংগীত শিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত