thumbnail

Rongali Bihu in Assam: বিহুৰ বতৰতে কণ্ঠশিল্পী ছন্দামিতা ঠাকুৰীয়াৰ অসমবাসীলৈ এটি উপহাৰ

By

Published : Apr 13, 2023, 6:19 PM IST

গুৱাহাটী, ১3 এপ্ৰিল: ৰঙালী বিহুৰ প্ৰাকক্ষণত অসমবাসীক এটি নতুন বিহু গীত উপহাৰ দিলে কণ্ঠশিল্পী ছন্দামিতা ঠাকুৰীয়াই । বুধবাৰে জু-ৰোডস্থিত ড্ৰীমছ ষ্টুডি’অত ছন্দামিতা ঠাকুৰীয়াৰ এটি নতুন বিহু গীতৰ অডিঅ' শুভমুক্তি দিয়া হয় । কণ্ঠশিল্পী গৰাকীয়ে তেওঁৰ “কাম চৰাই ৰঙা ঠোঁট’’ শীৰ্ষক বিহু গীতটি শ্ৰোতাই আদৰি ল’ব বুলি আশা প্ৰকাশ কৰিছে (Singer Chandamita Thakuria new song)।

গীতটিৰ লগত জড়িত কলা কুশলী সকলে গীতটি আনুষ্ঠানিক ভাৱে মুকলি কৰে । গীতটিৰ কথা আৰু সুৰ শোণিত শংকৰ আৰু পৰম্পৰাগতৰ । ভোগালী বিহুৰ আগে আগে গীতটিৰ ভিডিঅ' মুকলি কৰা হ’ব বুলি কণ্ঠশিল্পী গৰাকীয়ে সদৰী কৰে । ২০০৬ বৰ্ষৰ পিছত দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত পুৰণি বিহুগীতৰ সংস্পৰ্শত এক নতুন ৰূপত ছন্দামিতা ঠাকুৰীয়াই এই গীতটি শ্ৰোতা সকলৰ বাবে মুকলি কৰিছে (New bihu song 2023) । আজিৰে পৰা এই বিহু গীতটি ইউটিবত উপলব্ধ হৈছে (Singer Chandamita Thakuria youtube channel) ।

লগতে পঢ়ক : CM press meet : 11 হাজাৰৰো অধিক বিহুৱা বিহুৱতীলৈ ৰাজ্য চৰকাৰে আগবঢ়াব 25 হাজাৰকৈ টকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.