thumbnail

Book Released in Tezpur : দিব্যাংগ যুৱতী সীমা ঠাকুৰৰ গ্ৰন্থ অনুস্মৃতি উন্মোচন

By

Published : May 8, 2023, 10:14 PM IST

তেজপুৰ, ৮ মে' : বিশেষভাৱে সক্ষম লোকসকলক সমাজে বা পৰিয়ালৰ লোকে এক হীন দৃষ্টিৰে চোৱা পৰিলক্ষিত হয় ৷ কিন্তু বিশেষভাৱে সক্ষম হোৱাটো তেওঁলোকৰ কোনো অপৰাধ নহয় ৷ তেওঁলোকো ভগৱানৰে সৃষ্ট ৷ এই মন্তব্য দিব্যাংগ যুৱতী তথা লেখিকা সীমা ঠাকুৰৰ (specially abled Sima Thakurs life struggle) ৷

উল্লেখ্য, সীমা বিশেষভাৱে সক্ষম যদিও মানসিকভাৱে যথেষ্ট সবল ৷ জন্মৰে পৰা এক সংগ্ৰামৰ মাজেৰে পাৰ কৰা সময়ছোৱাক নিজৰ কলমৰ জৰিয়তে দিয়া সৃষ্টিকৰ্মই সোমবাৰে পূৰ্ণতা লাভ কৰিলে ৷ তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীগৰাকীয়ে ৰচনা কৰি উলিওৱা 'অনুস্মৃতি' নামৰ গ্ৰন্থখন আনুষ্ঠানিকভাৱে বিদ্যালয়তে উন্মোচন কৰে বিধায়ক পৃথ্বীৰাজ ৰাভা (MLA Prithwiraj Rabha), এমট্ৰনৰ (AMTRON) উপাধ্যক্ষ ৰিতুবৰণ শৰ্মা আদিয়ে (Sima Thakurs book Anusmriti released) ৷

নিজ পিতৃ-মাতৃৰ দ্বাৰা সৰুকালতে অৱহেলিত হোৱা কাহিনীৰ পৰা আত্মপ্ৰতিষ্ঠাৰ বাবে চলাই অহা যুঁজৰ এক নিৰ্মোহ কাহিনী সীমাই এই ক্ষুদ্ৰ গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছে ৷ সকলো দিব্যাংগ যুৱক-যুৱতীৰ বাবেই সীমাৰ এই গ্ৰন্থখন এক প্ৰেৰণাৰ উৎস হ'ব বুলি আশা কৰা হৈছে (book released in Tezpur) ৷

লগতে পঢ়ক :Recruitment in Govt job: জীৱন সংগ্ৰামৰ সফল যাত্ৰা, নাপিত যুৱকে পালে চৰকাৰী চাকৰি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.