Eviction in Silsako beel: দিল্লীত শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদ - গুৱাহাটী
🎬 Watch Now: Feature Video
গুৱাহাটী,৩০ জুলাই: শিলসাঁকোৰ বুকুত দীৰ্ঘদিন ধৰি বসবাস কৰা খিলঞ্জীয়া লোকক চৰকাৰ তথা প্ৰশাসনে চলোৱা উচ্ছেদৰ বিৰোধিতাৰে শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ৷ এইবাৰ ভূমিৰ অধিকাৰৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰ প্ৰতিবাদ কৰিবলৈ সাজু হৈছে শিলসাঁকোৰ উচ্ছেদিত জনতা ৷
শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে শিলসাঁকোত এক সংবাদমেল যোগে শিলসাঁকোত উচ্ছেদিত লোকক পুনৰ সংস্থাপৰ বাবে ব্যৱস্থা কৰিবলৈ দাবী জনাই ৷ শিলসাঁকোত উচ্ছেদিত লোকক পুনৰ সংস্থাপৰ দাবীত অসমৰ পৰা ১৫ জনীয়া এটা দল সোমবাৰে ৰাওনা হ’ব নতুন দিল্লীলৈ ৷
উচ্ছেদৰ বিৰোধিতাৰে ২,৩ আৰু ৪ আগষ্টত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ চৰকাৰী আৱাস গৃহৰ সন্মুখত ধর্ণা কাৰ্যসূচী ৰূপায়ন কৰিব ১৫ জনীয়া দলটোৱে ৷ সংবাদমেল সম্বোধন কৰি গায়ত্ৰী বৰি, পালাশী ঝৰ্ণা দাস আৰু ইন্দ্ৰ মনি বৰাই কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত গৈ অসমীয়া সুৰক্ষিত বুলি দাবী কৰি আহিছে । আচলতে অসমত অসমীয়া মুঠেই সুৰক্ষিত নহয় ৷ শুই থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক জগাবলৈ আমি আহি আছো বুলি হুংকাৰ দিয়ে ৰাইজে ৷
লগতে পঢ়ক:Assam assembly building: অসম বিধানসভাৰ নতুন ভৱন মুকলি কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই