thumbnail

By

Published : Apr 1, 2023, 7:54 PM IST

Updated : Apr 2, 2023, 9:05 AM IST

ETV Bharat / Videos

Man missing in Vijaywada: পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি

জোনাই, ১ এপ্ৰিল: বিগত ছয়দিন ধৰি নিৰুদ্দেশ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌ ডেম গাঁৱৰ এজন ব্য়ক্তি । ডিমৌ ডেম গাঁৱৰ বীনা চুতীয়াৰ স্বামী চেনিৰাম চুতীয়া নামৰ ব্যক্তিজন আজি ছয়দিন ধৰি নিৰুদ্দেশ হোৱাত পৰিয়ালটোৰ মাজত লাগিছে হাহাকাৰ (One person from Silapothar is missing) । জানিব পৰামতে যোৱা ২৫ মাৰ্চ তাৰিখে কমৰ্সংস্থাপন বিচাৰি কেৰালালৈ বুলি ককায়েক যুগল চুতীয়াৰ সৈতে ডিব্ৰুগড় ৰে'ল ষ্টেচনৰ পৰা বিয়লি ৩-৪০ বজাত ৰেলেৰে যাত্ৰা কৰিছিল চেনিৰামে ।  

কিন্তু, ২৮ মাৰ্চৰ দিনা সন্ধিয়া ৩ বজাত অন্ধপ্ৰদেশৰ বিজয়ৱাড়া জংচনত চলন্ত ৰে'লৰ পৰা হঠাৎ নিৰুদ্দেশ হোৱাৰ খবৰে চিন্তিত কৰি তুলিছে পৰিয়ালৰ লোকক(Silapathar man missing in Vijaywada) । ইতিমধ্যে ককায়েক তথা পৰিয়ালৰ লোকে অন্ধ্ৰপ্ৰদেশৰ ৰে'ল বিভাগক যোগাযোগ কৰাৰ লগতে বিভিন্ন স্থানত অনুসন্ধান চলাইছে যদিও কোনো ধৰণৰ সম্ভেদ লাভ নকৰাত মঙলবাৰে সন্ধিয়া চিলাপথাৰ আৰক্ষী থানাত দাখিল কৰে এখন এহাজাৰ(Man missing in Silapothar) । অসমৰ মুখ্যমন্ত্ৰীৰ লগতে প্ৰশাসনক এইক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে চেনিৰাম চুতীয়াৰ পত্নী বীনা চুতীয়াই ৷ 

লগতে পঢ়ক: Master Chef 1st Runners up : স্বগৃহত উপস্থিত হৈয়েই অভিজ্ঞতা ব্যক্ত কৰে ফাৰ্ষ্ট ৰাণাৰ্ছ আপ শান্তা শৰ্মাই

Last Updated : Apr 2, 2023, 9:05 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.