Shukriya Modi Ji : মহানগৰীত আয়োজন শুক্ৰিয়া মোদীজী শীৰ্ষক অনুষ্ঠান - বিজেপিৰ সংখ্যালঘু মৰ্চাৰ অসম প্ৰদেশ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 2:36 PM IST

গুৱাহাটী, 2 নৱেম্বৰ : বুধবাৰে মহানগৰীৰ হেঙেৰাবাৰীস্থিত অমৃত উদ্যানৰ প্ৰাংগণত শুক্ৰিয়া মোদীজী শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয় । বিজেপিৰ সংখ্যালঘু মৰ্চাৰ অসম প্ৰদেশৰ উদ্যোগত আয়োজন কৰা হয় এই বিশেষ কাৰ্যসূচী । উক্ত অনুষ্ঠান উপস্থিত থাকে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰ, সংখ্যালঘু মৰ্চাৰ নেত্ৰী ড৹ জেফৰিন মেহজাবিন । লগতেই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিজেপিৰ বহুসংখ্যক কাৰ্যকৰ্তাই ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাসকলৰ হকে লোৱা পদক্ষেপৰ বাবে ধন্যবাদ সূচক এই অনুষ্ঠানত মহিলাৰ বাবে তিনি তালাক, হজ যাত্ৰাত ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে লোৱা পদক্ষেপক শলাগ জনায় সংখ্যালঘু মৰ্চাৰ লোকসকলে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰে সংবাদ মাধ্যমৰ আগত কয়, ‘‘এইবাৰ লোকসভাত মহিলাৰ সংৰক্ষণ বিধেয়ক গৃহীত কৰা হ’ল । মহিলা সংৰক্ষণ বিধেয়ক অনুসৰি লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । ঠিক তেনেদৰে মহিলাৰ বাবে তিনি তালাক, হজ যাত্ৰাত ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে লোৱা পদক্ষেপক আজি ধন্যবাদ জনোৱা হৈছে’’ ।

লগতে পঢ়ক : Tezpur University Faculty : বিশ্বৰ শীৰ্ষ বিজ্ঞানীসকলৰ তালিকাত স্থান লাভ তেজপুৰ বিশ্ববিদ্যালয়ৰ ৬ গৰাকী অধ্যাপকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.