পৰিত্যক্ত অৱস্থাত থকা ৰাজহুৱা শ্মশানত শ্ৰমদান কাৰ্যসূচী - শ্ৰমদান কাৰ্যসূচী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-12-2023/640-480-20242033-thumbnail-16x9-www.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 11, 2023, 7:15 PM IST
আমগুৰি, 11 ডিচেম্বৰ : পৰিত্যক্ত অৱস্থাত থকা ৰাজহুৱা শ্মশানত শ্ৰমদান কাৰ্যসূচী স্থানীয় যুৱকৰ ৷ শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ মিটং নদীৰ পাৰত গৌৰীসাগৰ তথা অঞ্চলটোৰ দাঁতিকাষৰীয়া ৰাইজৰ অভাৱ পূৰণ কৰি সেই সময়ৰ প্ৰয়াত বিধায়ক অঞ্জন দত্তৰ প্ৰচেষ্টাত প্ৰায় বাৰ বছৰৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এখন ৰাজহুৱা শ্মশান ৷
নিৰ্মাণৰ পাছৰে পৰাই তত্বাৱধানৰ অভাৱত শ্মশানখন হাবি-জংঘলেৰে পৰিপূৰ্ণ হৈ পৰাৰ ফলত ৰাইজে শিৱসাগৰ নগৰলৈ শৱদেহ কঢিয়াই নি সৎকাৰ কৰিব লগা হৈ আহিছে ৷ ফলত এক বৃহৎ পৰিমাণৰ অৰ্থ ব্যয় হোৱাৰ বাবে সাধাৰণ লোকৰ বাবে এই ব্যৱস্থা একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছিল ৷
সোমবাৰে গৌৰীসাগৰৰ কেইজনমান উৎসাহী যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা 'ত্ৰিলোচন সাংস্কৃতিক মঞ্চ' নামৰ সাংস্কৃতিক গোষ্ঠীটোৱে ৰাজহুৱা শ্ৰমদান কাৰ্যসূচী গ্ৰহণ কৰি হাবি-জংঘল পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলে শ্মশানখন ৷ গুৰুজনাৰ অনবদ্য অৱদান ভাওনা সংস্কৃতিক অসমৰ বিভিন্ন স্থানত সুন্দৰ অভিনয় শৈলীৰে পৰিমাৰ্জিত ৰূপত উপস্থাপন কৰি অহা উৎসাহী যুৱক কেইজনৰ আহ্বান- গৌৰীসাগৰবাসী ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ শান্তিবন ৰাজহুৱা শ্মশানক জিলা প্ৰশাসনে আটক ধুনীয়াকৈ গঢ়ি তোলক ৷
লগতে পঢ়ক : খীৰতী গাইত পৰিণত দলগাঁও সমষ্টিৰ এম জি এনৰেগা আঁচনি !