Tinsukia news: শিল্পীপ্ৰাণ ৰাজু খেমকা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান - Raju Khemka Sonwarani Award Ceremony
🎬 Watch Now: Feature Video

তিনিচুকীয়া, ৬ আগষ্ট: দেওবাৰে শ্ৰুতি শিল্পী সমাজ, ডিব্ৰুগড় আৰু শিল্পীপ্ৰাণ ৰাজু খেমকা স্মৃতি ন্যাস, তিনিচুকীয়াৰ যৌথ উদ্যোগত আৰু মা ভাৰতী বেচৰকাৰী সংস্থা তিনিচুকীয়াৰ সক্ৰিয় সহযোগত শিল্পীপ্ৰাণ ৰাজু খেমকা সোঁৱৰণি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে ৷ তিনিচুকীয়াৰ ক্ৰীষ্টেল হোটেলৰ সভাগৃহত আয়োজন কৰা এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে প্ৰসিদ্ধ লেখক, সাহিত্যিক ড৹ নগেন শইকীয়া, মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱগোস্বামী আৰু ৰাজস্থানৰ বিশিষ্ট সমাজসেৱক অৰবিন্দ মহমিয়াৰ ৷
এই অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক দেৱী প্ৰসাদ বাগড়োদিয়া, প্ৰকৃতিপ্ৰেমী ৰাধেশ্যাম গোয়েংকা আৰু যন্ত্ৰ উদ্ভাৱক সুৰেণ বৰুৱাক শিল্পীপ্ৰাণ ৰাজু খেমকা সোঁৱৰণী বঁটা প্ৰদান কৰা হয় ৷
লগতে পঢ়ক: Deadbody recovered: মহানগীৰৰ দুঠাইত একেদিনাই দুটাকৈ মৃতদেহ উদ্ধাৰ