Assam observes Shilpi Divas: বঙাইগাঁৱত শিল্পী দিৱস পালন - বঙাইগাঁৱত শিল্পী দিৱস পালন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 17, 2023, 3:19 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰীস্বৰূপ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যু দিৱস ৷ প্ৰতিবছৰে এই দিৱসটিক “শিল্পী দিৱস” হিচাবে ৰাজ্যবাসীয়ে পালন কৰি আহিছে(71th Shilpi divas) ৷ একেধাৰে গীতিকাৰ, নাট্যকাৰ, লেখক আৰু অসমৰ প্ৰথমগৰাকী বোলছবি নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যুক আকোঁৱালি লৈছিল ৷ 

১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ নিৰ্মাণ কৰি ইতিহাস ৰচনা কৰাৰ লগতে অসমীয়া ছবিজগতৰ সোণালী অধ্যায় আৰম্ভ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যু বাৰ্ষিকী(Assam observes Shilpi Divas) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীতো অভয়াপুৰী প্ৰেছ ক্লাৱত আজি পালন কৰা হৈছে “শিল্পী দিৱস”(Shilpi Divas Observes in Bongaigaon) ৷ শিল্পী দিৱস উপলক্ষে পতাকা উত্তোলন কৰে প্ৰেছ ক্লাবৰ সভাপতি কিশোৰ দাসে । 

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে সম্পাদকদ্বয় ৰাজীৱ সৰকাৰ আৰু ইন্দ্ৰনীল দাসে, গছপুলি ৰোপণ কৰে প্ৰেছ ক্লাবৰ সঞ্চালক বিনোদ বিহাৰী নাথে । সন্ধিয়া ৭ বজাৰ পৰা গীত, মাত, কথা, কবিতাৰ অনুষ্ঠান "তোৰে মোৰে আলোকেৰে যাত্ৰা" শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.