Bengali language controversy: পূজা মণ্ডপত বাংলা ভাষাৰ বেনাৰ-পোষ্টাৰ ফলা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ শিলাদিত্য দেৱৰ - Assamese bengali language controversy
🎬 Watch Now: Feature Video


Published : Oct 26, 2023, 8:18 PM IST
হোজাই, 26 অক্টোবৰ : শেহতীয়াকৈ ৰাজ্যৰ কেইবাটাও পূজা মণ্ডপত বাংলা ভাষাৰ বেনাৰ, পোষ্টাৰ ফলা সন্দৰ্ভত সদৌ অসম ভাষিক সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ শিলাদিত্য দেৱে হোজাইত মন্তব্য প্ৰকাশ কৰে ৷
শিলাদিত্য দেৱে কয় যে পূজা মণ্ডপত বাংলা ভাষাত লিখা বেনাৰ পোষ্টাৰ একাংশই খুলি দিয়া বা পেণ্ডেল ডেমেজ কৰাটো ভাল কাম হোৱা নাই ৷ আনহাতে যিসকলে বাংলা ভাষাত বেনাৰ লিখিছিল তেওঁলোকে অসমীয়া ভাষাতো লিখিব পাৰিলেহেতেন ৷ দুৰ্গা পূজা বৰ্তমান বাঙালী মানুহৰে হৈ থকা নাই, অসমীয়া মানুহেও দুৰ্গা পূজা পাতে ৷ দুৰ্গা পূজালৈ বিভিন্ন জনগোষ্ঠীয় মানুহ যায়, সেইবাবে ভাষাটো সকলোৱে জনা ভাষা হ’লে ভাল ৷
লগতে শিলাদিত্য দেৱে উল্লেখ কৰে যে, ভাৰতবৰ্ষ ভাষা ভিত্তিতহে গঠন হৈছিল ৷ জ্যোতিপ্রসাদ আগৰালা, হেমাংগ বিশ্বাসক অসমীয়া মানুহে অসমীয়া বুলিয়েই স্বীকৃতি দিছে । তেনেদৰে অসমীয়া বুলি ক’লে বাংলাভাষী লোকসকল যে অসমীয়া নহয় তেনে হ’ব নোৱাৰে ৷ অসমীয়া ভাষাৰ সমান্তৰালকৈ অফিছিয়েল ভাষা হিচাপে মান্যতা পাইছিল বড়ো আৰু বাংলা ভাষাই ।
"মই বাঙালী পৰিষদৰ মুখ্য উপদেষ্টা। আমি আমাৰ বাঙালী পৰিষদৰ বেনাৰ প্ৰথমে অসমীয়াত লিখো । মই বাঙালী হিচাপে মোৰ মাতৃভাষা দুটা ৷ ভগৱান শ্ৰীকৃষ্ণৰ দুগৰাকী মাতৃ আছিল ঠিক তেনেদৰে মইও দুই মাতৃভাষাক সন্মান জনাও । অসমীয়া আৰু বাংলা ভাষাৰ মাজত "ৰ" আৰু "ৱ" ৰহে পাৰ্থক্য।" শিলাদিত্য দেৱে লগতে উল্লেখ কৰে ৷
লগতে পঢ়ক: Assam Second Marriage: চৰকাৰক সুধিহে চৰকাৰৰ কৰ্মচাৰীয়ে কৰিব পাৰিব দ্বিতীয় বিবাহ