Saran Ceremony at Chabua: চাবুৱাৰ মায়ামৰা বগৰীতলীয়া আধাৰ সত্ৰত অনুষ্ঠিত শৰণ লোৱা পৰ্ব

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 5:13 PM IST

thumbnail

ডিব্ৰুগড়ৰ, 25 অক্টোবৰ: আধ্যাত্মিকতাৰ সমাজ ব্যৱস্থাত অতীজৰে পৰা চলি আহিছে শৰণ লোৱা পৰ্ব বা প্ৰথা । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি বুধবাৰে চাবুৱাৰ ঐতিহাসিক মায়ামৰা বগৰীতলীয়া আধাৰ সত্ৰত অনুষ্ঠিত হ'ল শৰণ লোৱা পৰ্ব । গুৰুসেৱা কৰি মূৰত কলপাতেৰে মেৰিওৱা তামোল পাণ লৈ পুখুৰীত জুবুৰা মাৰি আশীৰ্বাদ গ্ৰহণ কৰে শৰণীয়াসকলে ।

গায়ন বায়ন পৰিৱেশনৰ মাজেৰে এক আধ্যাত্মিক পৰিৱেশৰ মাজত অনুষ্ঠিত হয় এই কাৰ্যসূচী । ইয়াৰ পাচতে গুৰু আসনৰ আগত সাষ্টাংগে প্ৰণিপাত জনায় শৰণীয়াসকলে । এই শৰণৰ জৰিয়তে শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ধৰ্মৰ ব্যক্তিসকলে সত্ৰাধিকাৰৰ পৰা একোটি নাম লয় । ভগৱন্তৰ সহস্ৰ নামৰ এটিকৈ নাম গুৰুপ্ৰদত্ত হিচাপে লৈ ধৰ্মীয় বান্ধোনত আৱদ্ধ হয় ।

এগৰাকী জ্যেষ্ঠ ভকতৰ নেতৃত্বত শৰণ গ্ৰহণ কৰা পিচত সমাজৰ আধ্যাত্মিক কাম কাজ কৰিব পৰা হয় শৰণীয়াসকল । আজি চাবুৱাৰ বিশমাইলস্থিত সত্ৰত নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত প্ৰায় 60 গৰাকী পুৰুষ-মহিলাই শৰণ গ্ৰহণ কৰে । এই ঐতিহাসিক শৰণ পৰ্ব চাবলৈ অঞ্চলটোত ৰাইজে ভিৰ কৰে সত্ৰৰ চৌহদত ।

লগতে পঢ়ক :Durga Puja 2023: মৰাণৰ বুঢ়ীদিহিং নদীত প্ৰতিমা বিসৰ্জন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.