thumbnail

By

Published : Jun 20, 2023, 5:59 PM IST

ETV Bharat / Videos

Flood in Tihu: টিহুত বুঢ়াদিয়া নদীৰ বাঢ়নী পানীয়ে ছিঙিলে মথাউৰি

নলবাৰী,20 জুন: চাৰিওফালে বানৰ সংহাৰ ৷ নলবাৰী জিলাৰ টিহুৰ বিভিন্ন অঞ্চল এতিয়া বানৰ কবলত । বুঢ়াদিয়া নদীৰ বাঢ়নী পানীয়ে ভোজকুছিত বুঢ়াদিয়াৰ মথাউৰি ছিগাত বিস্তীৰ্ণ অঞ্চল বানত প্লাৱিত হৈছে । মথাউৰিটো মেৰামতি নকৰাৰ ফলতে এনেদৰে ভাঙি যোৱাৰ লগতে আৰু বহু অংশৰে ছিগাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰে স্থানীয় লোকে । ৰাইজে দিনে ৰাতিয়ে মথাউৰিটো ৰক্ষা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল ৷ ইফালে মঙলবাৰে ভোজকুছিত মথাউৰি ছিগি নিয়াত আলৈ-আথানিৰ সৃষ্টি হৈছে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকৰ মাজত । কৃষিভূমিৰ পানীত বুৰ যোৱাত মূৰে কপালে হাত দিব লগীয়া হৈছে কৃষক ৰাইজে ।

ভোজকুছি , দক্ষিণ ভোজকুছি , বালাবড়ি , শক্তিপাৰা , ঘোপাগাঁও বৰ্তমান বানৰ কবলত ৷ উল্লেখ্য যে বুঢ়াদিয়া নদীটোৰ দক্ষিণ ফালে ধৰ্মপুৰ সমষ্টি আৰু উত্তৰ ফালে বৰমা সমষ্টি । ধৰ্মপুৰ সমষ্টিৰ  দক্ষিণ ফালৰ মথাউৰি মেৰামতি কৰাৰ বিপৰীতে উত্তৰ ফালৰ বৰমা সমষ্টিৰ অন্তৰ্গত মথাউৰি কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা নকৰিলে । যাৰ ফলত এইবাৰ উত্তৰ ফালে বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা আছে । ইতিমধ্যে দক্ষিণ ভোজকুছিৰ মথাউৰি চিগা অংশৰে হোৰাহোৰে পানী সোমাই কেইবাখনো গাঁও প্লাৱিত কৰিছে । 

লগতে পঢ়ক:Congress Meeting With CPI (M): কংগ্ৰেছ নেতৃত্বত 12 টা বিৰোধী ৰাজনৈতিক দলৰ ব্যাপক কুচ-কাৱাজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.