Storm ravages at Sarupathar: সৰুপথাৰৰ গন্ধকৰৈ গাঁৱত ধুমুহাত ভাগিল নামঘৰ - কাল ধুমুহাৰ তাণ্ডৱলীলা
🎬 Watch Now: Feature Video
Published : Sep 25, 2023, 12:35 PM IST
সৰুপথাৰ, 25 ছেপ্টেম্বৰ : দেওবাৰে নিশা হঠাৎ আহিল এজাক ধুমুহা-বতাহ ৷ এই কাল ধুমুহাৰ ফলত ৰাজ্যৰ ভিন্ন অঞ্চলত বিস্তৰ ক্ষতি-সাধন হোৱাৰ বাতৰি লাভ কৰা হৈছে ৷ দেওবাৰে নিশা অহা কাল ধুমুহাই সৰুপথাৰ গন্ধকৰৈ গাঁৱত চলায় তাণ্ডৱলীলা ৷ কাল ধুমুহাৰ তাণ্ডৱত সৰুপথাৰৰ ১ আৰু ২ নং গন্ধকৰৈ গাঁৱত বিস্তৰ ক্ষতিসাধন হয় ৷
বিশেষকৈ নিশা অহা এই প্ৰচণ্ড ধুমুহা বতাহত ১ নং গন্ধকৰৈৰ তিৰোৱাল নামঘৰত পৰে এডাল প্ৰকাণ্ড গছ ৷ ফলত নামঘৰ 80 শতাংশই ভাঙি যায় ৷ নামঘৰটোৰ এনে অৱস্থা দেখি দুঃখিত হৈ পৰে স্থানীয় ৰাইজ ৷ ইফালে সৰুপথাৰ বহু ঠাইত পথৰ ওপৰত গছ বাগৰি পৰিছে বুলি জানিব পৰা গৈছে ৷
আনকি এই ধুমুহাজাকৰ ফলত বিদ্যুতৰ তাঁৰো ছিগি যায় ৷ ফলত অঞ্চলটোত বৰ্তমান পৰ্যন্ত অঞ্চলটোত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে ।
লগতে পঢ়ক : Devastating storm at Dhansiri: নাহৰণিত নিশা প্ৰচণ্ড ধুমুহা; ভাঙিলে বহুতৰে ঘৰ, উৰুৱালে ঘৰৰ টিনপাত