Martyrs Day in Jamugurihat: সপ্ত শ্বহীদক সোঁৱৰি জামুগুৰিহাটত শ্বহীদ দিৱস পালন - Seven martyrs commemorated on Martyrs Day
🎬 Watch Now: Feature Video
চতিয়া, 20 মাৰ্চ: 1983 চনৰ 20 মাৰ্চ, অসম আন্দোলনৰ ভৰপক সময় ৷ এই অভিশপ্ত দিনটোতেই জামুগুৰীবাসীয়ে হেৰুৱাইছিল জামুগুৰিহাটৰ 7 জনকৈ ব্যক্তিক ৷ জামুগুৰিহাটৰ লালেটাপুত সন্দেহযুক্ত বাংলাদেশীৰ হাতত শ্বহীদ হৈছিল - বলীন নাথ, প্ৰসন্ন বৰুৱা, বীৰেন মিশ্ৰ, শ্যাম কুণ্ডু, ভূপেন ডেকা (তেজপুৰ), জয়ৰাম বৰুৱা আৰু পলাশ ৰাজবংশী ৷ তেতিয়াৰ পৰাই জামুগুৰি ছাত্ৰ সন্থা আৰু জামুগুৰি উন্নতি সভাই প্ৰতিবছৰে, এই বিশেষ দিনটোত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে ৷ লগতে অসম আন্দোলনৰ আন এক কাৰ্যসূচীৰ পৰা উভতি আহোঁতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱতি লোৱা শ্বহীদ বল্লভ নাথক সুঁৱৰি সদৌ জামুগুৰি ছাত্ৰ সন্থা, জামুগুৰি আঞ্চলিক উন্নতি সভাৰ যুটীয়া উদ্যোগত পালন কৰা হয় শ্বহীদ দিৱস (Martyrs Day in Jamugurihat)।
ঐতিহাসিক অসম আন্দোলনৰ বেদনা গধুৰ স্মৃতি বিজড়িত চল্লিশ সংখ্যক শ্বহীদ দিৱস প্ৰতি বছৰৰ দৰে এইবাৰো যোৱা 20 মাৰ্চ, সোমবাৰে সদৌ জামুগুৰি ছাত্ৰ সন্থা আৰু জামুগুৰি উন্নতি সভাই আয়োজন কৰে (Swahid diwas celebrated in Jamugurihat) ৷
শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা দহ বজাত পতাকা উত্তোলন কৰে ছাত্ৰ সন্থাৰ জামুগুৰি আঞ্চলিক সমিতিৰ সভাপতি ধুজত গোস্বামী আৰু অসম উন্নতি সভাৰ জামুগুৰিৰ আহ্বায়ক সমিতিৰ মুখ্য আহ্বায়ক ৰঞ্জন দাসে ৷ ইয়াৰ পাছত ৰাজহুৱা শ্ৰদ্ধাঞ্জলী আৰু বিশিষ্ট ব্যক্তি সকলক সন্মান জনোৱাৰ উদ্দ্যেশ্যে আয়োজন কৰা হয় এখনি সম্বৰ্ধনা সভা ৷ সন্ধিয়ালৈ বন্তি প্ৰজ্বলনৰে শ্বহীদ দিৱসৰ কাৰ্যসূচী সামৰণি মৰা হয় (Martyrs Day celebrated in Jamugurihat) ৷
এই অনুষ্ঠানত শ্বহীদ সকলৰ পৰিয়ালবৰ্গৰ উপৰিও সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক বিশ্বজিৎ কলিতা তথা যুৱ ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিকৰ বিষয়ববীয়াৰ লগতে নিৰ্যাতিত সন্থাৰ শোণিতপুৰ জিলা আৰু জামুগুৰিৰ বিষয়ববীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে (Assam Movement) ৷
লগতে পঢ়ক:AJYCP Protest at Rangapara: বৰ্ধিত পৌৰ কৰ বাতিলৰ দাবীত ৰঙাপৰাত AJYCPৰ প্ৰতিবাদ